পুতিনে কাৰ কথা শুনে? ইউক্ৰেইনৰ আৰু এখন গুৰুত্বপূৰ্ণ চহৰ দখল কৰাৰ পথত ৰাছিয়া

ফটোঃ সংগ্ৰহীত।

ৰাছিয়াৰ সৈন্যই পূব ইউক্ৰেইনৰ এখন গুৰুত্বপূৰ্ণ চহৰ দখল কৰাৰ দিশে আগবাঢ়িছে। নগৰখনৰ নাম আৱডিভকা। যোৱা কেইমাহমানৰ পৰা মহানগৰীখনত দুয়োখন দেশৰ সেনাবাহিনীৰ মাজত তীব্ৰ যুদ্ধ চলি আহিছে। ইফালে ইউক্ৰেইনে চহৰখনৰ পৰা নিজৰ সৈন্য প্ৰত্যাহাৰ কৰিছে।

আমেৰিকাই কয় যে যিকোনো মুহূৰ্ততে চহৰখন ৰাছিয়াৰ নিয়ন্ত্ৰণত যাব। আমেৰিকাৰ নিৰাপত্তা উপদেষ্টা জেক চুলিভানে বৃহস্পতিবাৰে স্থানীয় সময় অনুসৰি ইউক্ৰেইনৰ চোৰাংচোৱা সংস্থাৰ উদ্ধৃতিৰে এই তথ্য প্ৰদান কৰে।

তেওঁ কয় যে আৱডিভকা ৰাছিয়াৰ নিয়ন্ত্ৰণত পৰাৰ আশংকা আছে। তেওঁ দাবী কৰে যে পৰ্যাপ্ত অস্ত্ৰ-শস্ত্ৰৰ অভাৱত ইউক্ৰেইনে চহৰখন হেৰুৱাবলৈ ওলাইছে।

লগতে পঢ়কঃ ডোনাল্ড ট্ৰাম্পৰ দশা! জালিয়াতিৰ গোচৰত ৩৫৫ মিলিয়ন ডলাৰ জৰিমনা বিহিলে আদালতে

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়ে কয় যে তেওঁ “যিমান সম্ভৱ ইউক্ৰেইনৰ লোকৰ জীৱন ৰক্ষা” কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিব।

ৰাছিয়াৰ সৈন্যই আৱডিভকাৰ দিশে বহু আগবাঢ়িছে। এতিয়া তেওঁলোকে যিকোনো মুহূৰ্ততে চহৰখন ঘেৰি ধৰিব পাৰে।

দুয়োটা বাহিনীৰ যুদ্ধত এতিয়া ধ্বংসস্তূপত পৰিণত হৈছে আৱডিভকা চহৰ। এই চহৰখনক ইউক্ৰেইনৰ ডনেটস্কৰ প্ৰৱেশদ্বাৰ হিচাপে গণ্য কৰা হয়। ২০১৪ চনত ৰাছিয়াৰ সমৰ্থিত বিদ্ৰোহীয়ে ডনেটস্কৰ এক বৃহৎ অংশ জব্দ কৰিছিল। ইয়াৰ পিছত ২০২২ চনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইয়াক অধিগ্ৰহণ কৰে।

লগতে পঢ়কঃ চিনো চিনো লাগে, চিনিবই নোৱাৰি! মোহময়ী আয়েশা টাকিয়াৰ এই ৰূপ দেখি হতবাক অনুৰাগী

২০২২ চনৰ ২৪ ফেব্ৰুৱাৰীত পুটিনে ইউক্ৰেইনত পূৰ্ণাংগ সামৰিক অভিযান আৰম্ভ কৰে। ইয়াৰ পিছত ৰাছিয়াৰ বাহিনীয়ে ইউক্ৰেইনৰ বহু অঞ্চল দখল কৰে।