ৰাছিয়াত জাৰি হ’ব পাৰে জৰুৰীকালীন অৱস্থা! ১৮ৰ পৰা ৬৫ বছৰ বয়সৰ পুৰুষক দেশ এৰি যোৱাত বাধা

Russia orders airlines to stop selling tickets দুদিনমান পূৰ্বেই ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইনত এটা ডাঙৰ আক্ৰমণৰ ইংগিত দিছিল। তেওঁ দেশৰ সংৰক্ষিত বাহিনীত নাম থকা আৰু সেনাৰ পৰা অৱসৰ গ্ৰহণ কৰা কিন্তু শাৰীৰিকভাৱে সক্ষম আৰু সেনাবাহিনীত অভিজ্ঞ লোকসকলক পুনৰ নিযুক্তি দিয়াৰ বাবে এক জাননী জাৰি কৰিছে। আৰু তাৰ পিছতেই নাগৰিকৰ মাজত ৰাছিয়া এৰি যোৱাৰ জোৱাৰ উঠে।

এনে পৰিস্থিতিত বুধবাৰে পুটিনৰ দেশত নতুন নিয়ম জাৰী কৰা হৈছে। এতিয়াৰ পৰা দেশৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অনুমতি অবিহনে ১৮ ৰ পৰা ৬৫ বছৰ বয়সৰ পুৰুষসকলে ৰাছিয়া এৰি যাব নোৱাৰিব।

লগতে পঢ়ক: আমেৰিকাৰ দাবী নস্যাৎ; ৰাছিয়াক অস্ত্ৰ দিয়াৰ কথা অস্বীকাৰ উত্তৰ কোৰিয়াৰ

বুধবাৰে দেখা গৈছিল যে ৰাছিয়াৰ চুবুৰীয়া দেশ আৰ্মেনিয়া, জৰ্জিয়া, আজাৰবাইজান আৰু কাজাখস্তানলৈ যোৱা সকলো বিমানৰ টিকট বিক্ৰী হৈ গৈছে। দেশখনৰ জনপ্ৰিয় ৱেবছাইট এভিয়াচেলছে এইটো দাবী কৰিছে।

ইপিনে, তুৰ্কী এয়াৰলাইনৰ ৱেবছাইটত কোৱা হৈছে যে শনিবাৰলৈকে ৰাছিয়াৰ পৰা তুৰস্কলৈ যোৱা সকলো বিমানৰ টিকট বিক্ৰী হৈ গৈছে।

ইয়াৰ পিছতে পুটিনে এটা টেলিভিছন ভাষণৰ সময়ত নতুন ঘোষণাটো কৰে।

দৰাচলতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন ইউক্ৰেইনত কেইবাটাও সামৰিক দুৰ্যোগৰ বাবে ক্ষুব্ধ হৈ উঠিছে। তেওঁ দেশ আৰু বিদেশত তীব্ৰ ৰাজনৈতিক আৰু কূটনৈতিক চাপৰ সন্মুখীন হৈ পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰাৰো ভাবুকি দিছে।

এই পৰিস্থিতিত দেশখনৰ লোকসকলে ভয় কৰিছে যে যিকোনো সময়তে দেশত সামৰিক আইন প্ৰৱৰ্তন কৰা হ’ব। ফলস্বৰূপে, সাধাৰণ নাগৰিকসকলকো যুদ্ধত অংশগ্ৰহণ কৰিবলৈ মাতিব পাৰে। এই আতংকত দেশ এৰি যোৱাৰ প্ৰৱণতা আৰম্ভ হয়। ইয়াক বন্ধ কৰিবলৈকে এটা নতুন নিৰ্দেশ জাৰি কৰা হৈছে।

লগতে পঢ়ক: দিল্লীৰ মুখ্য ইমাম ইলিয়াছীক সাক্ষাৎ আৰএছএছ-ৰ মুৰব্বী মোহন ভাগৱতৰ

বাতৰি অনুসৰি, এইটোও শুনিব পোৱা গৈছে যে ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত চাপ বৃদ্ধি কৰিবলৈ যুদ্ধত অপৰাধীসকলক যোগ দিবলৈ পদক্ষেপ লৈছে। যুদ্ধলৈ যোৱা অপৰাধীসকলক মাহিলী ১ লাখ ৰুবল পুৰস্কাৰ দিয়া হ’ব। ছয় মাহৰ বাবে যুদ্ধক্ষেত্ৰত তেওঁলোকৰ অপৰাধবোৰো ক্ষমা কৰি দিয়া হ’ব।

বাতৰি মতে সেই অপৰাধীসকলৰ মাজত ছিৰিয়েল কিলাৰসকলো আছে। ডেইলী বিষ্টে দাবী কৰিছে যে তেওঁলোকৰ মাজৰ এজন আকৌ নৰখাদক!

ৰাছিয়া আৰু ইউক্ৰেইন ছয় মাহৰো অধিক সময় ধৰি এক ভয়ংকৰ যুদ্ধত লিপ্ত হৈ আছে। আৰম্ভণিতে ৰাছিয়াৰ সেনাই যুদ্ধত সফল হৈছিল যদিও সময়ৰ লগে লগে ইউক্ৰেইনৰ সেনাবাহিনী শক্তিশালী হৈ পৰিছে। তাৰ মাজতে তেওঁলোকে আক্ৰমণকাৰীসকলক আঁতৰাই খাৰকভ অঞ্চলৰ প্ৰায় সকলোখিনি পুনৰ দখল কৰিছে।

লগতে পঢ়ক: চিত্ৰশিল্পী, বিশিষ্ট চলচ্চিত্ৰ পৰিচালক পুলক গগৈ অসুস্থ; জিএমচিএইচত চিকিৎসাধীন

পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ ৰাছিয়াই ইউক্ৰেইনত পাৰমাণৱিক আৰু ৰাসায়নিক অস্ত্ৰ ব্যৱহাৰ কৰিব পাৰে বুলি আশংকা কৰা হৈছে। এইবাৰ পুটিনে সেনাত সাধাৰণ মানুহ আৰু অপৰাধীক জড়িত কৰি সেনাবাহিনীৰ আয়তন বৃদ্ধি কৰিব বিচাৰিছে!