আলোচনাৰ বাবে সাজু ৰাছিয়া, কিন্তু অব্যাহত থাকিব ইউক্ৰেইন সৈন্যৰ ওপৰত আক্ৰমণ!

Russia-Ukraine war

ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণে আজি ৮ দিন অতিক্ৰম কৰিলে। ৰাছিয়াৰ এই আক্ৰমণক সমগ্ৰ বিশ্বই ধিক্কাৰ জনাইছে। যুদ্ধৰ দাবানলে প্ৰায় ধ্বংস কৰি তুলিছে ইউক্ৰেইন।

ইতিমধ্যে দুয়ো পক্ষই যুদ্ধৰ অৱসানৰ বাবে যোৱা সোমবাৰে আলোচনাত মিলিত হৈছিল যদিও আলোচনা ব্যৰ্থ হয়। ৰাছিয়াই ইউক্ৰেইনৰ সৈতে চুক্তি সম্পাদনৰ ইচ্ছা প্ৰকাশ কৰাৰ বিপৰীতে ইউক্ৰেইনে তাৎক্ষণিক যুদ্ধবিৰতিৰ লগতে ইউক্ৰেইনৰ পৰা ৰাছিয়াৰ সৈন্য বাহিনী প্ৰত্যাহাৰ দাবী কৰিছিল।

দুয়োপক্ষৰ মাজত পুনৰ দ্বিতীয় পৰ্যায়ৰ আলোচনাৰ জল্পনা-কল্পনা চলি থকাৰ সময়তে আজি ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভাৰভে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

তেওঁ কয় যে মস্কো ইউক্ৰেইনত যুঁজ সমাপ্তিৰ আলোচনাৰ বাবে সাজু কিন্তু ইউক্ৰেইনৰ সামৰিক বাহিনীৰ ওপৰত আক্ৰমণ অব্যাহত থাকিব।

লাভাৰভে লগতে কয় যে ৰাছিয়াৰ প্ৰতিনিধি দলটোৱে এই সপ্তাহৰ আৰম্ভণিতে ইউক্ৰেইনৰ প্ৰতিনিধিৰ ওচৰত দাবী দাখিল কৰিছিল আৰু এতিয়া কিয়েভৰ সঁহাৰিৰ বাবে অপেক্ষা কৰিছে।

তেওঁ লগতে কয় যে পশ্চিমীয়া ৰাষ্ট্ৰসমূহে ইউক্ৰেইনক ধাৰাবাহিকভাৱে অস্ত্ৰ-শস্ত্ৰ যোগান ধৰি আহিছে, ইউক্ৰেইনৰ সৈন্যসকলক প্ৰশিক্ষণ দিছে আৰু ইউক্ৰেইনক ৰাছিয়াৰ বিৰুদ্ধে এক সুৰক্ষা ঘাটিলৈ পৰিণত কৰিবলৈ কৌশল ৰচনা কৰিছে।

এনেদৰে ইউক্ৰেইনক ৰাছিয়াৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি কৰি তোলাৰ বাবে ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰিবলৈ বাধ্য হৈছে লাভাৰভে যুক্তি দৰ্শায়।

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ মিত্ৰশক্তিয়ে ঘোষণা কৰি আহিছে যে নাটো হৈছে এক প্ৰতিৰক্ষামূলক মিত্ৰতা শক্তি আৰু ই ৰাছিয়াৰ বাবে ভাবুকি সৃষ্টি নকৰে।

লাভাৰভে ইয়াক দৃঢ়ভাৱে প্ৰত্যাখ্যান কৰি কয় যে পশ্চিমে ইউক্ৰেইনক ৰাছিয়া আক্ৰমণৰ মূলকেন্দ্ৰলৈ পৰিণত কৰিছে।

উল্লেখ্য যে প্ৰথম পৰ্যায়ৰ আলোচনা ব্যৰ্থ হোৱাৰ পিছত ৰাছিয়া-ইউক্ৰেইনে পুনৰ আলোচনাত মিলিত হোৱাৰ সম্ভাৱনীয়তা প্ৰকাশ কৰিছিল।

অৱশ্যে এই পৰ্যন্ত দ্বিতীয় পৰ্যায়ৰ আলোচনা সন্দৰ্ভত কোনো নিশ্চিত তথ্য লাভ কৰা নাই।