যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ ১০৮ গৰাকী মহিলা বন্দীক মুকলি কৰি দিলে ৰাছিয়াই

ফটো: সংগৃহীত।

Russia releases 108 captive Ukrainian women ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত সৰ্ববৃহৎ বন্দী বিনিময় চুক্তি কাৰ্যকৰী হৈছে। যাৰ অধীনত দুয়োপক্ষই ২১৮ জন বন্দীক মুকলি কৰি দিছে। ইয়াৰ ভিতৰত ইউক্ৰেইনৰ ১০৮ গৰাকী মহিলা আছে।

ইউক্ৰেইনে সোমবাৰে ঘোষণা কৰিছে যে ৰাছিয়াই ইয়াৰ ১০৮ গৰাকী মহিলা বন্দীক মুক্তি দিছে। তেওঁলোকৰ বেছিভাগেই সামৰিক কৰ্মী। ৰাছিয়াই বন্দী বিনিময়ৰ বিষয়ে কৈছে যে মুক্তি প্ৰাপ্ত সকলো বন্দীয়েই মহিলা।

ফটো: সংগৃহীত।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি কাৰ্যালয়ৰ চীফ অফ ষ্টাফ এন্দ্ৰি য়েৰমাকে কয়, “আজি যুদ্ধবন্দী চুক্তি কাৰ্যকৰী কৰা হৈছে, আমি ১০৮ গৰাকী মহিলাক বন্দীত্বৰ পৰা মুক্ত কৰিবলৈ সক্ষম হৈছো।”

ইউক্ৰেইনৰ বিষয়াসকলে কয় যে মাৰিঅ’পোলৰ এজভষ্টাল ষ্টীলৱৰ্কছৰ পৰা আটক কৰা ৩৭ গৰাকী মহিলা বন্দী মুক্ত বন্দীসকলৰ ভিতৰত আছে।

ফটো: সংগৃহীত।

আনহাতে, ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে ইউক্ৰেইনে ১১০ জন বন্দীক মুক্তি দিছে। ইয়াৰ ভিতৰত ৮০ জন অসামৰিক জাহাজৰ ক্ৰু সদস্য আৰু ৩০ জন সৈনিক। যুদ্ধৰ আৰম্ভণিৰ পিছৰে পৰাই এই নাগৰিকসকলক ইউক্ৰেইনৰ দ্বাৰা আটক কৰা হৈছিল।