সামৰিক অস্ত্ৰ পৰিবহনত ব্যৱহৃত ইউক্ৰেইনৰ ছয় ৰেল ষ্টেচন ধ্বংস কৰিলে ৰাছিয়াই

Russia-Ukraine war

চলিত ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ দাবানলৰ মাজতে আজি ৰাছিয়াই ইউক্ৰেইনৰ ছয়টা ৰেল ষ্টেচন ধ্বংস কৰিছে বুলি দাবী কৰিছে ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে।

এই ষ্টেচন কেইটাৰ জৰিয়তে ইউক্ৰেইনে দেশখনৰ পূব অংশত সেনা-বাহিনীক পশ্চিমীয়া নিৰ্মিত অস্ত্ৰ-শস্ত্ৰ যোগান ধৰিছিল বুলি মন্ত্ৰালয়ে লগতে দাবী কৰে।

মন্ত্ৰালয়ে এক বিবৃতিত কয় যে উচ্চ-ক্ষমতা সম্পন্ন নিৰ্ভুল মিছাইলে ইউক্ৰেইনৰ ৰে’ল ষ্টেচনসমূহক ধ্বংস কৰি দিয়ে।

অৱশ্যে সেই ষ্টেচনবোৰৰ জৰিয়তে ইউক্ৰেইনৰ বাহিনীক কেনে ধৰণৰ পশ্চিমীয়া অস্ত্ৰ-শস্ত্ৰ যোগান ধৰা হৈছিল সেই বিষয়ে বিবৃতিটোত উল্লেখ নাই।

মন্ত্ৰালয়ে লগতে কয় যে ৰাছিয়াৰ সেনাই ইউক্ৰেইনৰ ৪০ টা সামৰিক ঘাটিত আক্ৰমণ কৰিছে। ইয়াৰ ভিতৰত গোলাবাৰুদ আৰু আৰ্টিলাৰী অস্ত্ৰ সংৰক্ষণ কৰা চাৰিটা ঘাটিও আছে বুলি মন্ত্ৰালয়ে কয়।

ইফালে ৰাছিয়াৰ এই দাবী সন্দৰ্ভত কিয়েভে এই পৰ্যন্ত কোনো তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

উল্লেখ্য যে মঙ্গলবাৰে ইউক্ৰেইনৰ দক্ষিণ-পশ্চিম চহৰ ওডেছাত থকা এটা সামৰিক ঘাটি মিছাইল আক্ৰমণেৰে ধ্বংস কৰিছে বুলি ৰাছিয়াই দাবী কৰিছিল।

এই সামৰিক ঘাটিত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপীয় মিত্ৰশক্তিয়ে ইউক্ৰেইনলৈ যোগান ধৰা ড্ৰোন, মিছাইল আৰু গোলাবাৰুদ আদি মজুত আছিল বুলি দাবী কৰিছিল ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে।