NORTHEAST NOW (Assamese)

বয়সস্থ লোকৰ শৰীৰত কাম নিদিব ৰাছিয়াৰ কৰ’না ভেকচিনে! বিশেষজ্ঞৰ দাবী

August 14, 2020 9:02 am · এন ই নাও নিউজ

বিশ্বত প্ৰথমটো কৰ’না ভেকচিন আৱিষ্কাৰ কৰাৰ কৃতিত্ব অৰ্জন কৰিছে ৰাছিয়াই। ৰাছিয়াৰ এই নতুন ভেকচিন স্পুটনিক-ভিৰ কৰ্যক্ষমতাক লৈ একাংশ বিশেষজ্ঞই প্ৰশ্ন তুলিছে।

বহুতেই তৃতীয় পৰ্যায়ৰ ট্ৰায়েল অবিহনে ততাতয়াকৈ কৰ’নাৰ ভেকচিন বজাৰত উলিয়াই দিয়াৰ অভিযোগ কৰিছে।

ইয়াৰ মাজতে ৰাছিয়াৰ এই ভেকচিনক লৈ পুনৰ এক নতুন দাবী উত্থাপন হোৱা দেখা গৈছে।

বাতৰি অনুসৰি, ৰাছিয়াই নতুন ভেকচিন স্পুটনিক-ভি কেবল মাত্ৰ ১৮ৰপৰা ৬০বছৰ বয়সৰ লোকক প্ৰয়োগ কৰাৰহে পৰামৰ্শ দিয়া হৈছে।

ৰাছিয়াৰ স্বাস্থ্য মন্ত্ৰ্যালয়ৰ বৈজ্ঞানিক কেন্দ্ৰৰ মুৰব্বী ভ্লাডিমিৰ বান্দাৰেভে এই কথা জানিবলৈ দিছে।

বয়সস্থ লোকৰ ক্ষেত্ৰত ভেকচিনটোৰ কাৰ্যক্ষমতা এতিয়াও পৰীক্ষিত হোৱা নাই বুলি কোৱা হৈছে।

তেওঁ জানিবলৈ দিয়া মতে পঞ্জীয়ন হোৱাৰ পৰৱৰ্তী কালত এই সন্দৰ্ভত আৰু ক্লিনিকেল ট্ৰায়েল সম্পন্ন কৰা হ’ব।

আনহাতে, বিতৰ্ক হ’লেও ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে এই ভেকচিনক সম্পূৰ্ণ সুৰক্ষিত বুলি দাবী কৰিছে।

ৰাছিয়াৰ স্বাস্থ্য মন্ত্ৰ্যালয়ে অনুমোদন জনোৱা এই ভেকচিনৰ প্ৰথম প্ৰয়োগ কৰা হৈছে ৰাষ্ট্ৰপতি পুটিনৰ কন্যাৰ শৰীৰত।

ইপিনে, ভেকচিনটোৰ প্ৰস্ততকাৰী সংস্থা ইনষ্টিটিউট অফ এপিডেমিওলজি এণ্ড মাইক্ৰ’বায়’লজিৰ মুৰব্বী আলেকজেণ্ডাৰ গিন্সবুৰ্গেও ভেকচিনটো লৈছে।

তেওঁলোক বৰ্তমান সুস্থ আছে বুলি জানিব পৰা গৈছে।

Related News