NORTHEAST NOW (Assamese)

ইউৰোপৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি প্ৰকল্প জব্দ কৰিলে ৰাছিয়াই

March 4, 2022 1:54 pm · এন ই নাও নিউজ, গুৱাহাটী

আজি পুৱা ইউক্ৰেইনৰ দক্ষিণ-পূবত থকা ইউৰোপৰ সৰ্ববৃহৎ জাপোৰিজজিয়া পাৰমাণৱিক শক্তি প্ৰকল্পত আক্ৰমণ কৰাৰ পিছত ৰাছিয়ান সৈন্যই জব্দ কৰিছে পাৰমাণৱিক শক্তি প্ৰকল্পটো। আঞ্চলিক ৰাজ্য প্ৰশাসনে কিছুসময় পূৰ্বে এই কথা নিশ্চিত কৰিছে।

বৰ্তমান কাৰ্যকৰী কৰ্মচাৰীসকলে শক্তি প্ৰকল্পটোৰ অৱস্থা নিৰীক্ষণ কৰি আছে বুলি ইউক্ৰেইনৰ পাৰমাণৱিক পৰিদৰ্শকে সদৰি কৰিছে।

আজি পুৱতি নিশা ৰাছিয়ান সেনা বাহিনীয়ে প্ৰকল্পটোত আক্ৰমণ কৰাৰ কথা ৰাজহুৱা কৰিছিল ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰী ডিমিট্ৰো কুলেবাই।

তেওঁ লগতে আক্ৰমণৰ ফলত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকাত এই স্থানত তাৎক্ষণিক যুদ্ধবিৰতিৰ দাবী জনাইছিল।

Related News