• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লখিমপুৰ খেৰী হত্যাকাণ্ড: ১১ মাৰ্চত কৃষক পৰিয়ালৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 4, 2022 1:09 pm
Lakhimpur Kheri murder
120
VIEWS
Share on FacebookShare on Twitter

উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰী হত্যাকাণ্ডৰ মূল অভিযুক্ত তথা কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰৰ জামিনৰ বিৰুদ্ধে কৃষকসকলৰ পৰিয়ালে দাখিল কৰা এখন আবেদনৰ শুনানি ১১ মাৰ্চত গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে।

কষক সকলৰ হৈ আবেদন দাখিল কৰা অধিবক্তা প্ৰশান্ত ভূষণে উচ্চতম ন্যায়ালয়ক অৱগত কৰে যে আশীষ মিশ্ৰৰ জামিনৰ পিছত আন অভিযুক্ত সকলেও উচ্চ ন্যায়ালয়ত জামিনৰ আবেদন জনাইছে।

অধিবক্তা প্ৰশান্ত ভূষণে যুক্তি দৰ্শাই যে তেওঁলোকে জামিন লাভ কৰিলে প্ৰমাণ নষ্ট কৰিব পাৰে আৰু সাক্ষীসকলক ভাবুকিৰে প্ৰভাৱান্বিত কৰিব পাৰে।

সেয়েহে তেওঁ অভিযুক্ত সকলৰ জামিন প্ৰক্ৰিয়া বন্ধ কৰিবলৈ উচ্চতম ন্যায়ালয়ক আহ্বান জনায়।

এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই উচ্চতম ন্যায়ালয়ে অধিবক্তা প্ৰশান্ত ভূষণক উচ্চতম ন্যায়ালয়ে ১১ মাৰ্চত আৱেদনৰ শুনানি গ্ৰহণ কৰিব বুলি এলাহাবাদ উচ্চ ন্যায়ালয়ত জনাবলৈ নিৰ্দেশ দিয়ে।

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাই অধিবক্তা প্ৰশান্ত ভূষণক উদ্দেশ্যি কয়, “আপুনি উচ্চ ন্যায়ালয়ৰ সন্মুখত এখন মেমো দাখিল কৰক যে উচ্চতম ন্যায়ালয়ে এই বিষয়টো নিজৰ কৰ্তৃত্বলৈ আনিছে আৰু ১১ মাৰ্চত ইয়াৰ শুনানি গ্ৰহণ কৰিব।”

উল্লেখ্য যে যোৱা বৰ্ষৰ ৩ অক্টোবৰত লখিমপুৰ খেৰীত প্ৰতিবাদকাৰী কৃষকৰ হত্যাৰ মূল অভিযুক্ত আশীষ মিশ্ৰক ১৫ ফেব্ৰুৱাৰীত কাৰাগাৰৰ পৰা মুকলি কৰা হৈছিল।

স্থানীয় আদালতে তেওঁৰ জামিন আবেদন নাকচ কৰাৰ পিছত ১০ ফেব্ৰুৱাৰীত এলাহাবাদ উচ্চ ন্যায়ালয়ে মিশ্ৰক জামিন প্ৰদান কৰিছিল।

ইয়াৰ পিছতে আশীষ মিশ্ৰৰ জামিনক প্ৰত্যাহ্বান জনাই কৃষক সকল উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd