NORTHEAST NOW (Assamese)

ভাল খবৰ! চলিত বছৰৰ ছেপ্টেম্বৰ মাহত উপলব্ধ হ’ব বিশ্বৰ প্ৰথমটো কেন্সাৰ ৰোগৰ ভেকচিন

January 28, 2025 12:41 pm · এন ই নাও নিউজ, গুৱাহাটী

চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত উপলব্ধ হ’ব ৰাছিয়াত নিৰ্মিত কেন্সাৰৰ ভেকচিন। দেশখনৰ গামালেয়া ৰিচাৰ্চ ইনষ্টিটিউটৰ সঞ্চালক আলেকজেণ্ডাৰ গিণ্টছবাৰ্গে সোমবাৰে ৰাছিয়াৰ মূল চৰকাৰী সংবাদ সংস্থা আৰ আই এ নভোষ্টিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এই তথ্য প্ৰকাশ কৰে।

তেওঁ কয় যে চিকিৎসা ক্ষেত্ৰত এই ভেকচিন ব্যৱহাৰৰ বাবে আমি ইতিমধ্যে স্বাস্থ্য মন্ত্ৰালয়ৰ ওচৰত অনুমোদনৰ বাবে আবেদন জনাইছো। আমাৰ এটা ধাৰণা পাইছো যে আগষ্ট মাহৰ শেষ হোৱাৰ পূৰ্বে মন্ত্ৰালয়ে হয়তো অনুমোদন দিব। মন্ত্ৰালয়ে অনুমোদন দিলে অহা ছেপ্টেম্বৰৰ পৰা এই ভেকচিন চিকিৎসা ক্ষেত্ৰত ব্যৱহাৰ কৰা সম্ভৱ হ’ব।’

যদিহে ৰাছিয়াৰ স্বাস্থ্য মন্ত্ৰালয়ে অনুমোদন দিয়ে তেন্তে গামালিয়েলৰ ভেকচিন হ’ব বিশ্বৰ প্ৰথমটো কেন্সাৰ ভেকচিন। এই নতুন ভেকচিনটো mRNA প্ৰযুক্তি ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হৈছে। mRNA মূলতঃ এক প্ৰকাৰৰ প্ৰ’টিন যিয়ে মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক কোনো বিশেষ ৰোগ বা ৰোগৰ বিৰুদ্ধে প্ৰশিক্ষিত কৰি তোলে।

গিন্টছবাৰ্গে কয় যে যিসকল লোকে ইতিমধ্যে কেন্সাৰ ৰোগত আক্ৰান্ত হৈছে তেওঁলোকক এই ভেকচিন দিব পৰা যাব। ভেকচিনৰ মূল ঔষধ মানৱ শৰীৰত প্ৰৱেশ কৰাৰ পিছত কম সময়ৰ ভিতৰতে ই মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক বিশেষভাৱে প্ৰশিক্ষিত কৰে। এই প্ৰশিক্ষিত ৰোগ প্ৰতিৰোধ ক্ষমতাই প্ৰথমে ক্ষতিকাৰক কৰ্কট কোষক চিনাক্ত কৰে আৰু তাৰ পিছত ধ্বংস কৰে।

কৰ্কট ৰোগৰ সাধাৰণতে ৩টা পৰ্যায় থাকে – প্ৰাথমিক, মাধ্যমিক, আৰু তৃতীয় পৰ্যায়। এই ভেকচিন প্ৰাৰম্ভিক পৰ্যায়ত আটাইতকৈ ফলপ্ৰসূ। অৱশ্যে গিণ্টছবাৰ্গে আৰ আই এ নভ’ষ্টিক জনাইছে যে মধ্যম পৰ্যায়ৰ কৰ্কট ৰোগীয়েও এই ভেকচিনৰ দ্বাৰা উপকৃত হ’ব।

ৰাছিয়াৰ স্বাস্থ্য মন্ত্ৰালয়ৰ ২০২৩ চনৰ হিচাপ অনুসৰি বৰ্তমান দেশখনত ৪০ লাখ কৰ্কট ৰোগী আছে আৰু প্ৰতি বছৰে প্ৰায় ৬ লাখ ২৫ হাজাৰ ৰোগী কৰ্কট ৰোগত আক্ৰান্ত হয়।

গামালিয়া ইনষ্টিটিউট বিশ্বৰ অন্যতম শীৰ্ষ অণুজীৱবিজ্ঞান আৰু চিকিৎসা গৱেষণা কেন্দ্ৰ। এই কোম্পানীয়ে প্ৰস্তুত কৰিছে বিশ্বৰ প্ৰথমটো কৰ’না ভেকচিন স্পুটনিক ৫। ৰাছিয়াৰ উপৰিও গামালিয়াৰ স্পুটনিক ৫ ভেকচিন বিশ্বৰ ৫৫ খনতকৈও অধিক দেশত কৰ’না মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ ব্যৱহাৰ কৰা হৈছে।

Related News