Russia warns UK of dangerous consequences ৰাছিয়াই ব্ৰিটিছ ৰাষ্ট্ৰদূতক মস্কোলৈ মাতি পঠিয়াই কঠোৰ সতৰ্কবাণী শুনাইছে। কৃষ্ণ সাগৰৰ ক্ৰিমিয়াৰ উপকূলত ৰাছিয়াৰ নৌবহৰত ড্ৰোন আক্ৰমণ কৰাৰ ক্ষেত্ৰত ইউক্ৰেইনক সহযোগিতা কৰাৰ অপৰাধত ব্ৰিটেইনক ৰাছিয়াৰ কৰ্তৃপক্ষই সতৰ্ক কৰি দিছে।
যোৱা সপ্তাহত ক্ৰিমিয়াৰ কৃষ্ণ সাগৰত ৰাছিয়াৰ নৌসেনাৰ ওপৰত কেইবাটাও ড্ৰোন আক্ৰমণ হৈছিল। ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত এই আক্ৰমণৰ অভিযোগ উত্থাপন কৰিছে। ব্ৰিটেইনেও ইউক্ৰেইনক আক্ৰমণটোত সহায় কৰা বুলি দাবী কৰিছে। ইয়াৰ প্ৰত্যুত্তৰত ৰাছিয়াই বৃহস্পতিবাৰে দেশখনত ব্ৰিটিছ ৰাষ্ট্ৰদূত ডেবৰা ব্ৰুনেটক মাতি পঠিয়ায় আৰু তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰে।
লগতে পঢ়ক: আক্ৰমণৰ আঁৰত কোন? পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বৰীফসহ তিনিজনৰ পিনে আঙুলি ইমৰান খানৰ
ৰাষ্ট্ৰদূতক মাতি অনাৰ উপৰিও ৰাছিয়াই ব্ৰিটেইনক বিপদজনক পৰিণামৰ বিষয়ে সতৰ্ক কৰি দিছে। ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে এক বিবৃতিত কৈছে যে ব্ৰিটেইনৰ এনে ধৰণৰ সংঘৰ্ষমূলক পদক্ষেপে পৰিস্থিতিৰ তীব্ৰতা বৃদ্ধি কৰিব আৰু ইয়াৰ ফলত অভূতপূৰ্ব আৰু বিপদজনক পৰিণাম হ’ব পাৰে।
ইয়াৰ আগতে ৰাছিয়াই দাবী কৰিছিল যে ব্ৰিটেইনৰ সামৰিক বাহিনীয়ে ইউক্ৰেইনৰ বিশেষ বাহিনীক প্ৰশিক্ষণ দিছে যাৰ ভিতৰত আছে সাগৰত বিধ্বংসী অভিযানৰ প্ৰশিক্ষণো। বৃহস্পতিবাৰে যেতিয়া ৰাছিয়াত থকা ব্ৰিটিছ ৰাষ্ট্ৰদূত ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়লৈ গৈছিল তেতিয়া এদল লোকে ব্ৰিটেইনক সন্ত্ৰাসবাদী ৰাষ্ট্ৰ বুলি শ্লোগান দিয়ে।
লগতে পঢ়ক:অপেক্ষাৰ অন্ত! ‘অৱতাৰ: দ্য ৱে অৱ ৱাটাৰ’ৰ ট্ৰেইলাৰ মুকলি (চাওক ভিডিঅ’)
ৰাছিয়াই ২৪ ফেব্ৰুৱাৰীৰ পৰা ইউক্ৰেইনত বিশেষ সামৰিক অভিযান চলাই আছে। আনকি আঠ মাহৰ পাছতো এতিয়ালৈকে যুদ্ধ বন্ধ হোৱাৰ কোনো লক্ষণ দেখা যোৱা নাই। ৰাছিয়াৰ ইউক্ৰেইন অভিযানৰ আৰম্ভণিৰ পৰাই ইউক্ৰেইনক ধন আৰু অস্ত্ৰ-শস্ত্ৰৰে সহায় কৰি থকা দেশসমূহৰ ভিতৰত ব্ৰিটেইন অন্যতম।