পশ্চিমীয়া দেশসমূহৰ বাবে ভাৰতৰ ওচৰত ক্ষমা বিচাৰিলে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছেৰ্গেই লাভৰভে

ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছেৰ্গেই লাভৰভ।

ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছেৰ্গেই লাভৰভে পশ্চিমীয়া বিশ্বৰ হৈ ভাৰতৰ ওচৰত ৰাজহুৱাভাৱে ক্ষমা বিচাৰিছে। ৰাছিয়াৰ মন্ত্ৰীগৰাকীয়ে জি-২০ অন্তৰ্ভুক্ত দেশসমূহৰ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ দুদিনীয়া ভাৰত ভ্ৰমণলৈ আহিছে। সন্মিলনখন বুধবাৰে আৰু বৃহস্পতিবাৰে অনুষ্ঠিত হৈছে। সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি তেওঁ পশ্চিমীয়া বিশ্বৰ প্ৰশাসনিক নীতিসমূহক তীব্ৰ সমালোচনা কৰে।

বৃহস্পতিবাৰে ভাষণত ছেৰ্গেই লাভাৰভে ৰাছিয়াৰ সমৰ্থনত স্পষ্ট কৈছিল, “আমি বিশ্বৰ পৰা বিচ্ছিন্ন অনুভৱ নকৰোঁ। পশ্চিমীয়া দেশবোৰে এতিয়া নিজকে বিচ্ছিন্ন কৰি ৰাখিছে।”

তেওঁ প্ৰশ্ন কৰে, ‘’যদি পশ্চিমীয়া দেশবোৰ ইমান গণতান্ত্ৰিক হয়, তেন্তে তেওঁলোকে আন্তৰ্জাতিকভাৱে গণতান্ত্ৰিক নীতি কিয় ৰূপায়ণ কৰিব নোৱাৰে?”

ভাৰতৰ সন্মিলনত উপ স্থিত থকা ৰাছিয়াৰ বিদেশ মন্ত্ৰীগৰাকীয়ে লগতে কয়, “ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ এইটোৱেই প্ৰকৃত সময়।”

ইপিনে, বৃহস্পতিবাৰে জি-২০ সন্মিলনৰ মঞ্চৰ পৰা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয়, “এই বৈঠকসমূহ ভূ-ৰাজনৈতিক উত্তেজনাৰ দ্বাৰা প্ৰভাৱিত হৈছে। প্ৰধানমন্ত্ৰীয়ে নৰেন্দ্ৰ মোদী আহ্বান জনাইছে যে যিসকল এই বৈঠকত নাই তেওঁলোকৰ প্ৰতি আমাৰ দায়িত্ব আছে। প্ৰধানমন্ত্ৰীয়ে আমাৰ সকলোকে ভাৰতৰ সভ্যতাৰ নীতিৰ পৰা অনুপ্ৰেৰণা ল’বলৈ আহ্বান জনায়।‘’