NORTHEAST NOW (Assamese)

Russian Journalist detained: টিভি লাইভত ইউক্ৰেইন যুদ্ধৰ বিৰোধিতা কৰা ৰাছিয়ান সাংবাদিকক গ্ৰেপ্তাৰ

July 18, 2022 2:43 pm · এন ই নাও নিউজ, গুৱাহাটী

Russian Journalist detained ৰাছিয়াই যোৱা ২৪ ফেব্ৰুৱাৰীত ইউক্ৰেইনত সামৰিক অভিযান আৰম্ভ কৰিছিল। ৰাছিয়াৰ সাংবাদিক মেৰিনা ওভচানিকোভাক এই অভিযানৰ বিৰুদ্ধে তেওঁৰ স্থিতিৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে।

দেওবাৰে ৪৪ বছৰীয়া মহিলা সাংবাদিকগৰাকীৰ অধিবক্তাই তেওঁক আটক কৰি ৰখাৰ কথা নিশ্চিত কৰে। অৱশ্যে ক্ৰেমলিনে এতিয়ালৈকে এই বিষয়ত কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই।

লগতে পঢ়ক: Gunman killed 3 in US Mall: আমেৰিকা যুক্তৰাষ্ট্ৰৰ শ্বপিং মলত বন্দুকধাৰীৰ আক্ৰমণত নিহত ৩ জন

ৰাছিয়াৰ আৰক্ষীয়ে এটা লাইভ টিভি অনুষ্ঠানৰ সময়ত ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বিৰুদ্ধে প্ৰতিবাদ কৰি থকা মেৰিনা ওভচানিকোভাক আটক কৰে।

এই সন্দৰ্ভত তেওঁৰ সহকৰ্মীসকলে মেৰিনাৰ টেলিগ্ৰাম একাউণ্টত তেওঁক আটকৰ বিষয়ে অৱগত কৰি এটা পোষ্ট কৰি কৈছে যে তেওঁ এতিয়া ক’ত আছে সেয়া এতিয়াও জানিব পৰা নাই।

টেলিগ্ৰাম পোষ্টত তিনিখন ফটোও শ্বেয়াৰ কৰা হৈছে। তাত চাইকেল চলাই থকাৰ সময়তে দুজন আৰক্ষী বিষয়াই সাংবাদিক মেৰিনাক এখন বগা ভানত লৈ যোৱা দেখা গৈছে।

লগতে পঢ়ক: India clinch ODI series against England: পণ্টৰ দমনীয় শতক,পাণ্ডিয়াৰ অলৰাউণ্ড প্ৰদৰ্শনেৰে এদিনীয়া শৃংখলা দখল ভাৰতৰ

মেৰিনাৰ অধিবক্তা দিমিত্রি জাখভাটভে ৰিয়া-নোভোস্তি সংবাদ সংস্থাক তেওঁক আটক কৰাৰ কথা নিশ্চিত কৰি কয় যে তেওঁ ওভচানিকোভাক ক’ত লৈ যোৱা হৈছে সেয়া নাজানে।

তেওঁ কয় যে এই গ্ৰেপ্তাৰ তেওঁৰ যুদ্ধৰ প্ৰতিবাদৰ সৈতে জড়িত।

Related News