NORTHEAST NOW (Assamese)

চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি গৃহ মন্ত্ৰণালয়ৰ কাৰ্যালয়ৰ সন্মুখতে আত্মজাহ দিলে মহিলা সাংবাদিকে

October 3, 2020 6:29 pm · এন ই নাও নিউজ

চৰকাৰৰ বিৰুদ্ধে বাতৰি পৰিবেশন কৰাৰ বাবেই  বাৰে বাৰে চৰকাৰৰ ৰোষত পৰি আহিছে এই গৰাকী মহিলা সাংবাদিক।

কেইদিনমান পূৰ্বে আনকি চৰকাৰৰ মানুহে নিশাৰ ভাগত সাংবাদিক গৰাকীৰ ঘৰত তালাচীৰ নামত চলাইছিল উদ্ভণ্ডালি।

কাঢ়ি লৈ যোৱা হৈছিল মহিলা সাংবাদিক গৰাকীৰ লেপটপ, মোবাইল ফোন আদি।

এই কথাত মানসিক ভাবে ভাগি পৰিছিল মহিলা সাংবাদিকগৰাকী।

অৱশেষত তেওঁ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি গৃহ মন্ত্ৰণালয়ৰ কাৰ্যালয়ৰ সন্মুখতে দেহত জুই  লগাই মৃত্যুক সাৱটিলে।

ঘটনাটো ৰাছিয়াৰ । দেশখনৰ নিজনেই নভগৰড নামৰ অঞ্চলটোৰ কোঝা প্ৰেছ নামৰ নিউজ প’ৰ্টেলটোৰ সম্পাদক ইৰিণা শ্লাভিনাই চৰকাৰৰ বিৰুদ্ধে নিৰন্তৰ বাতৰি পৰিবেশন কৰি গৈছিল।

সেইবাবেই পুটিনৰ চৰকাৰে তেওঁৰ ওপৰত তীব্ৰ হেঁচা প্ৰদান কৰা বুলি সাংবাদিক শ্লাভিনাই তেওঁৰ মৃত্যুৰ টোকাত লিখি থৈ গৈছে।

মহিলাগৰাকীৰ আত্মজাহৰ ঘটনাই এতিয়া কঁপাই গৈছে পুটিনৰ চৰকাৰক।

চৰকাৰে মহিলা সাংবাদিকগৰাকীক কোনো ধৰণে হাৰাশাস্তি নকৰা বুলি স্পষ্ট কৰি দিছে।

উল্লেখ্য ৰাছিয়াত এতিয়া পুটিনৰ বিৰুদ্ধে কোনোৱাই কিবা প্ৰকাশ কৰিলেই তেওঁ চৰকাৰৰ ৰোষত পৰিবলগীয়া হয় বুলি বিভিন্ন মানৱাধিকাৰ সংস্থাই কৈ আহিছে।

মহিলা সাংবাদিক গৰাকীয়েও তেওঁৰ মৃত্যুৰ বাবে পুটিনৰ চৰকাৰেই দায়ী বুলি লিখি থৈ গৈছে।

Related News