NORTHEAST NOW (Assamese)

Russian journalist fined: যুদ্ধ বিৰোধী প’ষ্টৰ বাবে জৰিমনাৰ সন্মুখীন হ’ল ৰাছিয়াৰ মহিলা সাংবাদিক

July 29, 2022 12:58 pm · এন ই নাও নিউজ, গুৱাহাটী

Russian journalist Marina Ovsyannikova fined ৰাছিয়াৰ এখন আদালতে ইউক্ৰেইনত ৰাছিয়াৰ যুদ্ধক সমালোচনা কৰাৰ বাবে দেশখনৰ এগৰাকী মহিলা সাংবাদিকক জৰিমনা বিহিছে। 

মেৰিনা অ’ভচিয়ানকোভাক ৮২২ ডলাৰ (ৰাছিয়ান মুদ্ৰাত ৫০,০০০ ৰুবল) জৰিমনা বিহা হৈছিল। ভাৰতীয় মুদ্ৰাত এয়া প্ৰায় ৬৬ হাজাৰ টকা।

লগতে পঢ়ক: Gorgosaurus: নিলামত ৬ মিলিয়ন ডলাৰত বিক্ৰী হ’ল প্ৰাচীন ডাইনোচৰৰ কংকাল

আন্তৰ্জাতিক সংবাদ সংস্থাৰ বাতৰি মতে মেৰিনা ৰাছিয়াৰ চৰকাৰী দূৰদৰ্শনৰ এগৰাকী প্ৰাক্তন সাংবাদিক। ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণৰ আৰম্ভণিতে যুদ্ধ বিৰোধী স্থিতিৰ বাবে তেওঁ চাকৰি হেৰুৱাইছিল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত তেওঁ ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ বিৰোধিতা কৰি ৰাজহুৱাভাৱে পোষ্ট দিছিল।

মেৰিনা অ’ভচিয়ানকোভা।

ইউক্ৰেইনত জন্মগ্ৰহণ কৰা মেৰিনা অ’ভচিয়ানকোভাই মাৰ্চ মাহত এটা টেলিভিশ্বন অনুষ্ঠানত যুদ্ধ বিৰোধী প্লেকাৰ্ড প্ৰদৰ্শন কৰাৰ বাবে ব্যাপক প্ৰশংসা অৰ্জন কৰিছিল। মেৰিনাই সেই টেলিভিশ্বনৰ সম্পাদক হিচাপে কাম কৰিছিল।

Related News