যুদ্ধৰ খৱৰ! খেৰছনৰ পৰা অসামৰিক লোকসকলক আঁতৰোৱাৰ নিৰ্দেশ পুটিনৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইনৰ খেৰছন অঞ্চলৰ পৰা অসামৰিক লোকসকলক বাধ্যতামূলকভাৱে স্থানান্তৰ কৰাৰ নিৰ্দেশ দিছে। বাতৰি মতে ইউক্ৰেইনৰ এই অঞ্চলটো এতিয়াও ৰাছিয়াৰ সৈন্যৰ নিয়ন্ত্ৰণত আছে।

ছেপ্টেম্বৰৰ দ্বিতীয় সপ্তাহত ইউক্ৰেইনৰ বাহিনীয়ে ৰাছিয়াৰ সৈন্যৰ বিৰুদ্ধে প্ৰত্যাক্ৰমণ আৰম্ভ কৰে। তেওঁলোক এই আক্ৰমণটোত যথেষ্ট সফল হৈছিল। ইউক্ৰেইনৰ সৈন্যসকলে এতিয়া খেৰছনৰ ফালে আগবাঢ়িছে। ফলস্বৰূপে খেৰছন এক ‘সংঘৰ্ষক্ষেত্ৰ’ অঞ্চলত পৰিণত হৈ পৰিছে।

লগতে পঢ়ক: কি আৰম্ভ হৈছে এইবোৰ? টুইটাৰৰ প্ৰায় সকলো ভাৰতীয় কৰ্মীকে ছাঁটাই কৰিলে এলন মাস্কে!

কেইদিনমান পূৰ্বে খেৰছনত ৰাছিয়াৰ প্ৰশাসনে অঞ্চলটোত অসামৰিক লোকসকলক স্থানান্তৰ কৰাৰ নিৰ্দেশ দিছিল। তাৰ পিছত বহুলোক গুচি গ’ল যদিও কিছুমান নাগৰিক এতিয়াও তাত আছে।

ৰাছিয়াৰ চৰকাৰী সংবাদ সংস্থা আৰআইএ নোভোস্তি-য়ে জনাইছে যে ক্ৰেমলিন পন্থী কৰ্মীসকলৰ সৈতে হোৱা বৈঠকত ৰাষ্ট্ৰপতি পুটিনে কয় যে “খেৰছনত বাস কৰা সকলক আঁতৰাব লাগিব। অসামৰিক লোকসকল ভয়ংকৰ কৰ্মকাণ্ডৰ বলি হোৱাটো উচিত নহয়।”

লগতে পঢ়ক: শাসনলৈ আহিলে অগ্নিপথ আঁচনি বাতিল কৰিব কংগ্ৰেছেঃ প্ৰিয়ংকা গান্ধী

উল্লেখ্য যে ছেপ্টেম্বৰত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে খেৰছনকে ধৰি মুঠ চাৰিটা ইউক্ৰেইনৰ অঞ্চল ৰাছিয়ান ফেডাৰেচনৰ অন্তৰ্ভুক্ত কৰে।