মুখথেকেচা আমেৰিকাৰ! পুটিনৰ মতে ৱাশ্বিংটনে পৰাজয় আৰু বিপৰ্যয়ৰ বাহিৰে একো নাপালে

biden-putin

আমেৰিকা যুক্তৰাষ্ট্ৰই বিগত ২০ বছৰে নিজৰ চিন্তাধাৰা আফগানিস্তানৰ জনসাধাৰণৰ ওপৰত জাপি দিয়াৰ চেষ্টা কৰিছিল যদিও অৱশেষত ৱাশ্বিংটনে পৰাজয় আৰু বিপৰ্যয়ৰ বাহিৰে একো নাপালে।

পার্চ টুডেৰ বাতৰি অনুসৰি এইদৰে মন্তব্য কৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে।

পুটিনে কয় যে আমেৰিকানসকলে আফগানসকলৰওপৰত নিজৰ নীতি-নিয়ম তথা জীৱনচৰ্যাৰ আদৰ্শ জাপি দিয়াৰ চেষ্টা কৰিছিল। তাৰ ফলতেই নামি আহিছে বিপৰ্যয়। সেইদৰে আমেৰিকাৰ হৈ যিসকলে কাম কৰিছে তেওঁলোকে প্ৰাণ হেৰুৱাইছে। এই যুদ্ধত আমেৰিকাৰ লাভৰ ঘৰত শূন্য।

বুধবাৰে ৰাছিয়াৰ পূৰ্বাঞ্চলত ভ্লাডিভস্তক স্কুলৰ শিক্ষাবৰ্ষৰ আৰম্ভণি এক অনুষ্ঠানত পুটিনে এই মন্তব্য কৰে।

পুটিনে কয় এই যুদ্ধৰ জৰিয়তে এটা কথা প্ৰমান হ’ল যে কোনো চিন্তাধাৰা আন কোনো জাতিৰ ওপৰত জাপি দিব নোৱাৰি। তেওঁ আফগানিস্তানত আমেৰিকাৰ হস্তক্ষেপক ত্ৰুটীপূৰ্ণ আছিল বুলিও উল্লেখ কৰে।

ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে আমেৰিকাৰ সেনা বাহিনীয়ে বিগত ২০ বছৰ ধৰি আফগানিস্তানৰ জনসাধাৰমৰ জীৱন-যাপনত পৰিৱৰ্তন অনাৰ চেষ্টা কৰিছিল বুলি মত প্ৰকাশ কৰে।

উল্লেখ্য যে আমেৰিকান সেনাৰ অন্তমিটো দলে আপগানিস্তান ত্যাগ কৰাৰ পাছত কাবুল বিমানবন্দৰত তালিবান নেতাসকলে বিজয়োল্লাস কৰিছিল। পুটিনে ইয়াৰ পূৰ্বেও আফগানিস্তানৰ বিষয়ত নিজৰ বক্তৱ্য প্ৰকাশ কৰিছিল।