NORTHEAST NOW (Assamese)

ক্ষান্ত হোৱা নাই পুটিন! খেৰচনত ৰাছিয়াৰ বিমান আক্ৰমণত নিহত ১০ জন

December 25, 2022 8:35 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: December 25, 2022 8:36 am
ফটো সংগৃহীত।

দক্ষিণ ইউক্ৰেইনৰ খেৰচন চহৰত ৰাছিয়াৰ বিমান আক্ৰমণত কমেও ১০ জন লোক নিহত আৰু ডজন সংখ্যক লোক আহত হৈছে। নিশা বিস্ফোৰণত খেৰচন চহৰৰ কেন্দ্ৰীয় অঞ্চলৰ আৱাসিক আৰু প্ৰশাসনিক ভৱনসমূহ ক্ষতিগ্ৰস্ত হয়। আন্তৰ্জাতিক সবাদ মাধ্যমৰ বাতৰিত এই কথা প্ৰকাশ পাইছে।

উল্লেখ্য যে এক ধাৰাবাহিক আক্ৰমণৰ পিছত ৰাছিয়াৰ নিয়ন্ত্ৰনাধীন একমাত্ৰ আঞ্চলিক ৰাজধানী খেৰচনক যোৱা মাহত ইউক্ৰেইনৰ বাহিনীয়ে মুক্ত কৰিছিল। তেতিয়াৰ পৰাই প্ৰায়ে খেৰচন ৰাছিয়ান বাহিনীৰ লক্ষ্য হৈ পৰিছে।

আক্ৰমণৰ পিছত ভিডিঅ’বোৰত মাটিত কেইবাটাও মৃতদেহ, জুইত গাড়ী জ্বলি যোৱা আৰু অট্টালিকাবোৰ ক্ষতিগ্ৰস্ত হোৱা দেখা গৈছে।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে জনাইছে যে অঞ্চলটোত তেওঁলোকৰ কোনো সামৰিক ঘাটি নাই।

এটা টেলিগ্ৰাম বাৰ্তাত ৰাষ্ট্ৰপতি জেলেনস্কিয়ে লিখিছে যে সামাজিক নেটৱৰ্কসমূহে এই ছবিবোৰক “সংবেদনশীল” বুলি চিহ্নিত কৰিব যদিও এইবোৰ সংবেদনশীল ছবি নহয়, বৰঞ্চ ই ইউক্ৰেইন আৰু ইউক্ৰেইনবাসীৰ বাস্তৱ জীৱন।

শেহতীয়াভাৱে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে এক শান্তি বাৰ্তা দি কৈছিল যে তেওঁলোকে যিমান পাৰে সোনকালে যুদ্ধখন সমাপ্ত কৰিব বিচাৰে। কিন্তু তেওঁ লগতে সকীয়াই দিছিল যে ইউক্ৰেইনে আমেৰিকাৰ দৰে দেশৰ শ্ৰুতলিপিত চলাই থকা কামকাজবোৰকলৈ ৰাছিয়া সন্তুষ্ট নহয়।

Related News