NORTHEAST NOW (Assamese)

মাত্ৰ ১৩ বছৰতে গৰ্ভৱতী হৈ মাতৃ হোৱা কিশোৰী ডাৰিয়া পুনৰ ১৫ বছৰত গৰ্ভৱতী! : অনুৰাগীক জনালে ডাৰিয়াই

March 31, 2021 5:31 pm · এন ই নাও নিউজ
Updated: March 31, 2021 5:36 pm

মাত্ৰ ১৩ বছৰৰ বয়সতে গৰ্ভৱতী হোৱা বুলি সামাজিক মাধ্যম ইনষ্টাগ্ৰামৰ যোগেদি ৰাজহুৱা কৰাৰ পিছত ভাইৰেল হৈ পৰা ৰাছিয়ান কিশোৰী ডাৰিয়া পুনৰ ১৫ বছৰ বয়সত গৰ্ভৱতী হৈছে!

এটি সন্তানৰ মাতৃ ১৫ বছৰীয়া ৰাছিয়ান কিশোৰী ডাৰিয়াই নিজে এই কথা পুনৰ ৰাজহুৱা কৰিছে।

প্ৰেগনেঞ্চি টেষ্ট কৰাৰ ফ’টো শ্বেয়াৰেৰে এই কথা ৰাজহুৱা কৰি ডাৰিয়াই লিখিছে, “মই আশ্বৰ্যচকিত।”

“চাওক মই আকৌ গৰ্ভৱতী। এইবাৰ পাশাৰ পৰা।” ডাৰিয়াই কয়।

উল্লেখ্য যে মাত্ৰ ১৩ বছৰ বয়সতে এজন ১৫ বছৰীয়া কিশোৰৰ দ্বাৰা ধৰ্ষিতা হৈ ডাৰিয়া গৰ্ভৱতী হৈ সন্তানটিৰ জন্ম দি মাতৃত্বৰ গৰাকী হোৱা বুলি দাবী কৰিছিল।

দহ বছৰীয়া প্ৰাক্তন প্ৰেমিকৰ সৈতে ডাৰিয়া

আনহাতে পিতৃয়ে দাবী কৰিছিল যে ডাৰিয়াই তাতকৈ কণিষ্ঠ মাত্ৰ ১০ বছৰীয়া প্ৰেমিক ইভানৰ দ্বাৰা প্ৰথমবাৰ গৰ্ভৱতী হৈ মাতৃত্ব অৰ্জন কৰিছিল।

বিগত বৰ্ষৰ আগষ্টত ডাৰিয়াই ইমিলিয়া নামৰ এটি সন্তান জন্ম দিছিল। আৰক্ষীয়ে এতিয়াও ডাৰিয়াৰ সন্তানটিৰ পিতৃৰ পৰিচয় উদ্ধাৰ বাবে ডিএনএ পৰীক্ষাৰ দ্বাৰা তদন্ত অব্যাহত ৰাখিছে।

ডাৰিয়াৰ পিতৃয়ে মাত্ৰ ১০ বছৰীয়া প্ৰেমিকৰ দ্বাৰা তেওঁ কন্যা গৰ্ভৱতী হোৱা বুলি দাবী কৰা বাতৰি বিয়পি পৰাৰ লগে লগে ডাৰিয়া সামাজিক মাধ্যমত জুইৰ দৰে বিয়পি পৰে। মাত্ৰ ১৫ বছৰ বয়সতে ডাৰিয়াই সামাজিক মাধ্যমৰ পৰাই মাহিলি ৫,০০ ইউৰো উপাৰ্জন কৰে।

সন্তান জন্ম দিয়াৰ পিছতে ডাৰিয়াই ১০ বছৰীয়া প্ৰেমিকৰ সৈতে সম্পৰ্ক ছেদ কৰি ১৬ বছৰীয়া পাশা নামৰ এজন চাইবেৰিয়ান কিশোৰৰ সৈতে প্ৰেমৰ সম্পৰ্কত আৱদ্ধ হয়।

সাতমহীয়া কণমাণি সন্তানটি লগত লৈ ডাৰিয়াই প্ৰেমিকক লগ কৰিবলৈ চাইবেৰিয়াৰ চামাৰাৰালৈ গৈছিল আৰু তেতিয়াই তেওঁ প্ৰেমিকৰ সৈতে শাৰীৰিক সম্পৰ্ক কৰিছিল বুলি নিজৰ অনুৰাগীকসকলক জানিবলৈ দিছে।

ইয়াৰ পিছতে প্ৰেগনেঞ্চি টেষ্ট কৰি তাই আনুৰাগীসকলক কয়, “মই চাগে গৰ্ভৱতী! আমি সুৰক্ষিত যৌন সম্পৰ্কই কৰিছিলো।”

তাই লগতে এইটো কয় যে পৰৱৰ্তী সপ্তাহত পুনৰ প্ৰেগনেঞ্চি টেষ্ট কৰাব।

Related News