• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, April 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মনোনয়ন উঠাই ল’বলৈ মন্ত্ৰী হিমন্তৰ হৈ লোভনীয় প্ৰস্তাৱ দিয়া হৈছিল ৰমেন বৰঠাকুৰক

‘জালুকবাৰী সমষ্টিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক শোষণ চলাইছে’ সংবাদমেলত দাবী বৰঠাকুৰৰ

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , March 31, 2021 5:44 pm

2 min read

himanta vs ramen
593
VIEWS
Share on FacebookShare on Twitter

মন্ত্ৰী হিমন্তৰ হৈ জালুকবাৰীৰ পৰা মনোনয়ন উঠাই ল’বলৈ লোভনীয় প্ৰস্তাৱ পাইছিল ৰমেন বৰঠাকুৰে। সংবাদমেল পাতি এই বিস্ফোৰক অভিযোগ তুলিছে জালুকবাৰী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰমেন বৰঠাকুৰে।

তেওঁ সংবাদমেলত কয় ‘মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হৈ মণিপুৰৰ কোনোৱে নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত  মনোনয়ন প্ৰত্যাহাৰ কৰিবলৈ লোভনীয় প্ৰলোভন দিছিল । যদি  এইক্ষেত্ৰত মানহানি গোচৰ দিয়ে তেন্তে তথ্য সহকাৰে দাখিল কৰিবলৈয়ো প্ৰস্তুত।‘

আনকি তেওঁ দাবী কৰা মতে ‘ৰাজ্যসভাৰ সাংসদ পদো ল’বলৈ বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ ফালৰ পৰা অফাৰ আহিছিল ৰমেন বৰঠাকুৰলৈ।

ইপিনে, জালুকবাৰী সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলোৱাত অসুবিধাৰ সন্মুখীন   হোৱাৰ অভিযোগো উত্থাপন কৰে কংগ্ৰেছৰ প্ৰাৰ্থী ৰমেন বৰঠাকুৰে। সমষ্টিটোত কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্য্যালয় খুলিবলৈ নিদিয়াৰ অভিযোগ  কৰে বৰঠাকুৰে।

এই সন্দৰ্ভত কংগ্ৰেছে ৰিটাৰ্ণিং বিষয়াক অভিযোগ দাখিল কৰিছে বুলি তেওঁ প্ৰকাশ কৰে ।

ইপিনে, হিমন্ত বিশ্ব শৰ্মাই বিটিচিৰ প্ৰাক্তন প্ৰধান হাগ্ৰামা মহিলাৰীক NIA ৰ অধীনত গ্ৰেপ্তাৰ কৰোৱাম বুলি কোৱাটোতো ৰাজনৈতিক চাল আছে বুলি দাবী কৰি বৰঠাকুৰে কয় ‘জালুকবাৰী সমষ্টিৰ উন্নয়নত সঁচাকৈয়ে ব্যৰ্থ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেওঁ জালুকবাৰী সমষ্টিৰ উন্নয়ন কৰিব বিচৰা নাই। তেওঁ জালুকবাৰী সমষ্টিত এই প্ৰভুত্ব দেখুৱাব বিচাৰিছে যে যদি হাগ্ৰামা মহিলাৰীক NIA লগাই গ্ৰেপ্তাৰ কৰোৱাব পাৰে তেন্তে সমষ্টিবাসীক কি কৰিব নোৱাৰিব।‘

‘কংগ্ৰেছৰ ২০ বছৰীয়া শাসনকাল আৰু বিজেপিৰ শাসনকালত তেওঁ জালুকবাৰীত এজনো নেতৃত্বৰ সৃষ্টি কৰিব পৰা নাই। সেয়েহে আজি কংগ্ৰেছ দলৰ পৰা জালুকবাৰীত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া হৈছে। তেওঁ মনোনয়ন দাখিল কৰাৰ সময়তো কেৱল পত্নী আৰু এগৰাকী উকিলকহে লগত নিছিল। তেওঁ জালুকবাৰী সমষ্টিৰ এজন ৰাজনৈতিক কৰ্মীকো মনোনয়ন দিবলৈ লগত নিব নোৱাৰিলে।‘ বৰঠাকুৰে লগতে কয়।

আনহাতে, জালুকবাৰী সমষ্টিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক শোষণ চলাইছে বুলি দাবী কৰাৰ লগতে  অৰ্থনৈতিক শোষণ চলাইছে বুলিও দাবী  কৰে ৰমেন বৰঠাকুৰে।

Recent News

yechury_son_571_855-1140x570

দু:খৱৰ! বাওঁপন্থী নেতা সীতাৰাম য়েচুৰীৰ জ্যেষ্ঠ পুত্ৰ ৩৪ বছৰীয়া আশিস য়েচুৰীৰ কৰ’নাত মৃত্যু

Drugs Mafia arrested

যুৱ প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিয়া কুখ্যাত ড্ৰাগছ মাফিয়া মৃণাল গগৈ ওৰফে জ’জ গ্ৰেপ্তাৰ

a-vac-640x375

কৰ’নাৰ ভেকচিন লোৱাৰ পাছত সংক্ৰমণৰ হাৰ কিমান? কেন্দ্ৰই প্ৰকাশ কৰিলে তথ্য

images.jpeg-11(2)

কৰ’নাত আক্ৰান্ত শিৱসাগৰ জিলা উপায়ুক্ত; জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যা ১৪২জনলৈ বৃদ্ধি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd