NORTHEAST NOW (Assamese)

বালিত উপস্থিত হোৱাৰ পিছতে অসুস্থ ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী লাভৰভ; চিকিৎসালয়ত ভৰ্তি!

November 14, 2022 3:44 pm · এন ই নাও নিউজ, গুৱাহাটী
ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছেৰ্গেই লাভৰভ।

মঙলবাৰে ইণ্ডোনেছিয়াৰ বালিত জি-২০ সন্মিলন অনুষ্ঠিত হ’ব। ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছেৰ্গেই লাভৰভে সন্মিলনত ৰাছিয়াক প্ৰতিনিধিত্ব কৰিছে।

আন্তৰ্জাতিক একাংশ সংবাদ সংস্থাৰ বাতৰিত সদৰী কৰা হৈছে যে ইণ্ডোনেছিয়াত উপস্থিত হোৱাৰ পিছতে অসুস্থ হৈ পৰিছে লাভৰভ।

ইণ্ডোনেছিয়াৰ  তিনিজন চৰকাৰী তথা চিকিৎসা বিষয়াক উদ্ধৃত কৰি কোৱা হৈছে যে লাভৰভক ৰিজৰ্ট চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হৈছে।

লগতে পঢ়ক: মোডীৰ সমাৱেশত ভাড়াতীয়া ‘সমৰ্থক’! আধা টকা পৰিশোধ কৰাত প্ৰতিবাদ; লজ্জানত বিজেপি

ইণ্ডোনেচিয়াৰ ব্যক্তি কেইজনে অৱশ্যে নিজৰ নাম প্ৰকাশ কৰিবলৈ অনিচ্ছুক। কিয়নো তেওঁলোক বক্তৱ্য দিবলৈ কৰ্তৃত্বপ্ৰাপ্ত নহয়।

তেওঁলোকে কৈছে যে লাভৰভক হৃদৰোগৰ বাবে চিকিৎসা প্ৰদান কৰা হৈছে।

বৰ্তমানলৈকে ইণ্ডোনেছিয়াত থকা ৰাছিয়াৰ দূতাবাসৰ পৰা তাৎক্ষণিকভাৱে কোনো বক্তৱ্য সদৰী কৰা হোৱা নাই।

লগতে পঢ়ক: স্লোভেনিয়াৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত নাটাছা; আছিল মেলানিয়া ট্ৰাম্পৰ অধিবক্তা

ইপিনে, শেহতীয়াভাৱে ৰয়টাৰৰ বাতৰি অনুসৰি লাভৰভে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা বাতৰি অস্বীকাৰ কৰিছে আৰু ইয়াক ইউৰোপীয় সংবাদ মাধ্যমৰ অপপ্ৰচাৰ বুলি আখ্যা দিছে।  

Related News