• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মোডীৰ সমাৱেশত ভাড়াতীয়া ‘সমৰ্থক’! আধা টকা পৰিশোধ কৰাত প্ৰতিবাদ; লজ্জানত বিজেপি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 14, 2022 2:43 pm
155
VIEWS
Share on FacebookShare on Twitter

বেংগালুৰুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সমাৱেশত ভাড়া কৰি অনা হৈছিল ‘সমৰ্থক’! অভিযোগ কৰা হৈছে যে সেই সমৰ্থকসকলক প্ৰতাৰণা কৰা হৈছে। স্থানীয় বিজেপি নেতাজনে সভাত উপস্থিত থাকিলে প্ৰতিজন ব্যক্তিক ৫০০ টকাকৈ পোৱাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু অভিযোগ কৰা হৈছে যে আধা অৰ্থাৎ২৫০ টকাহে আদায় দিয়া হৈছে।

একাংশ লোকে স্থানীয় আৰক্ষী থানাত এটা অভিযোগ দাখিল কৰি প্ৰতিবাদ সাৱ্যস্ত কৰে। ঘটনাটোৰ ভিডিঅ’ মুকলিলৈ অহাৰ লগে লগে কংগ্ৰেছকে ধৰি বিৰোধীদল সৰৱ হৈ পৰে। আৰক্ষীয়ে অৱশ্যে দাবী কৰিছে যে গেৰুৱা নেতা আৰু “সমৰ্থকৰ” মাজত হোৱা আলোচনাত বিবাদটো সমাধান হৈ গৈছে।

লগতে পঢ়ক: দৌৰি তৎ পোৱা নাই নাড্ডা-শ্বাহ! গুজৰাটত নতুন, দলত্যাগীসকলক টিকট দি সংকটত বিজেপি

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১১ নৱেম্বৰ শুকুৰবাৰে বাংগালুৰুত এখন বৈঠক অনুষ্ঠিত কৰে। একেদিনাই মোদীয়ে কৰ্ণাটকৰ কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেল ২ উদ্বোধন কৰে। তেওঁ কেম্পেগৌড়াৰ ১০৮ ফুটৰ মূৰ্তিও উন্মোচন কৰে। অভিযোগকাৰীসকলৰ মতে, তেওঁলোকে বিজেপি নেতাসকলৰ নিৰ্দেশত ভিৰ বৃদ্ধি কৰিবলৈ সভালৈ আহিছিল। গেৰুৱা নেতাজনে ইয়াৰ বাবে ৫০০ টকাকৈ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু সভাৰ শেষত তেওঁলোকক ২৫০ টকাকৈ দিয়া হয়। পিছত শনিবাৰে তেওঁলোকে ৰাজ্যখনৰ চিক্কাবাল্লাপুৰ জিলাৰ শিদলাঘাটাত প্ৰতিবাদ সাব্যস্ত কৰে।

সেই প্ৰতিবাদৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। গেৰুৱা শিবিৰ ঘটনাটোত বৰ অস্বস্তিত পৰিছে। বিৰোধীয়ে ইয়াকেলৈ কটাক্ষ কৰিবলৈ আৰম্ভ কৰিলে। এজন কংগ্ৰেছ নেতাই টুইট কৰে যে প্ৰৱঞ্চিতসকলে স্থানীয় আৰক্ষী থানাত বিজেপি নেতাজনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে। অৱশ্যে শিদলাঘাটা আৰক্ষীয়ে কয় যে গেৰুৱা নেতাসকলৰ সৈতে প্ৰতিবাদকাৰীসকলৰ আলোচনাৰ সময়ত সমস্যাটো সমাধান হৈছে। মানুহবোৰ এই ক্ষেত্ৰত আইনী ব্যৱস্থাৰ পৰা আঁতৰি আহিছে।

লগতে পঢ়ক: শ্বাহৰ অধিবক্তা হোৱাৰ পুৰস্কাৰ নাছিল পদ; ৰিজিজুৰ কলেজিয়াম প্ৰশ্নৰো উত্তৰ প্ৰাক্তন মুখ্য ন্যায়াধীশৰ

এজন আৰক্ষী বিষয়াই জনায়, “তেওঁলোকে আৰক্ষীৰ ওচৰত এটা অভিযোগ দাখিল কৰিছিল যদিও বিষয়টোৰ পৰৱৰ্তী পদক্ষেপ বাতিল কৰিছে।‘’ কিন্তু ইয়াৰ পাছতো বিৰোধীৰ মুখ বন্ধ কৰিব পৰা নগ’ল। কংগ্ৰেছকে ধৰি কৰ্ণাটকৰ বিৰোধী দলসমূহে বিশ্বৰ আটাইতকৈ জনপ্ৰিয় নেতা মোডীৰ সমাৱেশ ভাড়াতীয়া সমৰ্থককলৈ সমালোচনা কৰিছে।

Recent News

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd