• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শ্বাহৰ অধিবক্তা হোৱাৰ পুৰস্কাৰ নাছিল পদ; ৰিজিজুৰ কলেজিয়াম প্ৰশ্নৰো উত্তৰ প্ৰাক্তন মুখ্য ন্যায়াধীশৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
November 14, 2022 11:32 am
ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ উদয় উমেশ ললিত।

ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ উদয় উমেশ ললিত।

21
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ উদয় উমেশ ললিতে ছোহৰাবুদ্দিন শ্বেখ ভুৱা এনকাউণ্টাৰ গোচৰত অমিত শ্বাহৰ অধিবক্তা হিচাপে কাম কৰাৰ কথা স্বীকাৰ কৰিছে। একে সময়তে তেওঁ কয় যে সেই কামৰ বাবে ‘পুৰস্কাৰ’ হিচাপে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ পদ পোৱাৰ কোনো প্ৰশ্নই নাই। কাৰণ তেওঁক ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছিল। তেওঁ লগতে ন্যায়াধীশ নিযুক্তিৰ কলেজিয়াম প্ৰণালী সন্দৰ্ভত কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৰ বক্তব্যও খাৰিজ কৰিছে।

উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ হিচাপে ললিতৰ নিযুক্তিৰ সময়ত কিছুমান শিবিৰে দাবী কৰিছিল যে চৰকাৰে তেওঁ ছোহৰাবুদ্দিন ভুৱা এনকাউণ্টাৰ গোচৰত অমিত শ্বাহৰ অধিবক্তা আছিল বাবেই নিযুক্তি দিবলৈ দ্ৰুত সন্মতি প্ৰদান কৰিছিল।

লগতে পঢ়ক: ভাৰতত পুনৰ ভূমিকম্প; এইবাৰ কঁপি উঠিল পঞ্জাৱ

Apply Now

ইউ ইউ ললিতে কয়, “মোডী চৰকাৰ শাসনলৈ অহাৰ আগতেই মোক ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। মই অমিত শ্বাহৰ হৈ ওকালতি কৰিছিলো ঠিকেই। কিন্তু মুখ্য উকীল আছিল ৰাম জেঠমালানী। মোৰ যুক্তিৰ কোনো বেলেগ গুৰুত্ব নাই। পুৰস্কাৰ হিচাপে ন্যায়াধীশৰ পদ পোৱাৰ কোনো প্ৰশ্নই নাই।”

শনিবাৰে ললিতে “আৰবান নক্সাল” হিচাপে চিনাক্ত কৰা জি এন সাইবাবাৰ জামিন আবেদনৰ শুনানিৰ বাবে এখন বিশেষ বিচাৰপীঠ গঠনৰ বিষয়েও ব্যাখ্যা কৰে। উচ্চতম ন্যায়ালয় সাধাৰণতে শনিবাৰে বন্ধ থাকে। ১৪ অক্টোবৰ, শুকুৰবাৰে বোম্বাই উচ্চ ন্যায়ালয়ে সাইবাবাক জামিন প্ৰদান কৰে। একেদিনাই মহাৰাষ্ট্ৰ চৰকাৰে উচ্চতম ন্যায়ালয়ত আপীল কৰে। তদানীন্তন মুখ্য ন্যায়াধীশ ললিতৰ আদালতত শুনানি সমাপ্ত হৈছিল। সেয়েহে, বিষয়টো তদানীন্তন দ্বিতীয় সৰ্বোচ্চ ন্যায়াধীশ আৰু বৰ্তমানৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ আদালতত জৰুৰী শুনানিৰ বাবে উল্লেখ কৰা হৈছিল।

সেই আবেদন খাৰিজ কৰি ন্যায়াধীশ চন্দ্ৰচূড়ে কয়, “শনিবাৰে এই সন্দৰ্ভত নিৰ্দেশ দিয়াটো সম্ভৱ নহয়।” ললিতৰ মতে ‘’ন্যায়াধীশ চন্দ্ৰচূড়ৰ মন্তব্যৰ বিষয়ে মই অৱগত নাছিলো। তেওঁৰ বিচাৰপীঠৰ নিৰ্দেশত কিন্তু কোৱা হৈছিল যে ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই বিষয়টো তালিকাভুক্ত কৰিবলৈ পিছদিনা শনিবাৰে আবেদন দাখিল কৰিব।‘’ পিছত ন্যায়াধীশ ললিতৰ নেতৃত্বত এখন বিশেষ বিচাৰপীঠে সাইবাবাৰ জামিন স্থগিত ৰাখে। শনিবাৰে এনে শুনানিৰ বাবে এখন বিশেষ বিচাৰপীঠ গঠনৰ সিদ্ধান্ত সমালোচনাৰ সন্মুখীন হয়।

লগতে পঢ়ক: আমেৰিকাৰ মধ্যৱৰ্তী নিৰ্বাচনত বিপৰ্যয়ৰ বাবে ট্ৰাম্পৰ ওপৰত ক্ষুব্ধ ৰিপাব্লিকানসকল!

আনহাতে, ন্যায়াধীশ ললিতে ন্যায়াধীশ নিযুক্তিৰ কলেজিয়াম প্ৰণালী সন্দৰ্ভত কেন্দ্ৰৰ বক্তব্য খাৰিজ কৰিছে। উচ্চতম ন্যায়ালয়ৰ পাঁচজন শীৰ্ষ ন্যায়াধীশক লৈ গঠিত কলেজিয়ামৰ জৰিয়তে উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ত ন্যায়াধীশ নিযুক্তিক লৈ মোডী চৰকাৰ আৰু ন্যায়পালিকাৰ মাজত দীৰ্ঘদিন ধৰি বিবাদ চলি আছে।

শেহতীয়াকৈ কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে ন্যায়পালিকাৰ ফালে আঙুলি তুলি কয়, “কলেজিয়াম ব্যৱস্থাত দেশবাসী সুখী নহয়। এই পদ্ধতিটো অস্বচ্ছ। সংবিধানৰ চৰিত্ৰ অনুসৰি চৰকাৰে ন্যায়াধীশ নিয়োগ কৰাৰ কথা।

কিন্তু ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ললিতে শনিবাৰে এক সাক্ষাৎকাৰত কয়, “এয়া আইন মন্ত্ৰীৰ ব্যক্তিগত মতামত। কলেজিয়াম হৈছে ন্যায়াধীশ নিয়োগৰ সঠিক আৰু সন্তুলিত পদ্ধতি। সেই পদ্ধতিটোত সকলোৰে মত বিবেচনা কৰা হয়।‘’

লগতে পঢ়ক: স্লোভেনিয়াৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত নাটাছা; আছিল মেলানিয়া ট্ৰাম্পৰ অধিবক্তা

ন্যায়াধীশ ললিতে কয়, “উচ্চ ন্যায়ালয়ৰ কলেজিয়ামৰ পৰা উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামলৈ নামবোৰৰ পৰামৰ্শ দিয়া হয়। যিসকল নামৰ পৰামৰ্শ দিয়া হয় ৰাজ্য চৰকাৰে তেওঁলোকৰ বিষয়ে নিজৰ মতামত দিয়ে। উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে তেতিয়া কেন্দ্ৰক নামবোৰ নিযুক্তিৰ বাবে পৰামৰ্শ দিয়ে।‘’

নিয়ম অনুসৰি, কেন্দ্ৰই কোনো নামকলৈ আপত্তি কৰিলেও উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে পুনৰ পৰামৰ্শ দিলে কেন্দ্ৰই ইয়াক গ্ৰহণ কৰিবলৈ বাধ্য।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

June 16, 2026 1:29 pm
খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

June 16, 2026 12:44 pm
টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

June 16, 2026 11:34 am
চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

June 16, 2026 10:50 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

June 16, 2026 1:29 pm
খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

June 16, 2026 12:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd