ৰাষ্ট্ৰপতি তথা ডেম’ক্ৰেট নেতা জো বিডেনে মধ্যৱৰ্তী নিৰ্বাচনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংসদৰ উচ্চ সদনত ক্ষমতা বজাই ৰাখিবলৈ সক্ষম হৈছে। বিৰোধী ৰিপাব্লিকানসকলে ইয়াত সুবিধা কৰিব নোৱাৰিলে। ৰিপাব্লিকানসকলে এই বিপৰ্যয়ৰ বাবে প্ৰাক্তন ৰাষ্ট্ৰপতি তথা দলৰ নেতা ডনাল্ড ট্ৰাম্পকে দোষাৰোপ কৰিছে।
ট্ৰাম্পৰ সমালোচকসকলৰ মতে তেওঁ তেওঁৰ দলৰ চিনেট নেতা মিচ মেককনেলৰ সৈতে সংঘাতত লিপ্ত হৈ ক্ষতি কৰিছে। অৱশ্যে ৰিপাব্লিকানসকলে এতিয়াও আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছৰ নিম্ন সদন হাউচ অফ ৰিপ্ৰেজেণ্টেটিভচলৈ অপেক্ষা কৰি আছে। ইয়াতেই তেওঁলোকে জো বিডনক শলঠেকত পেলাব বিচাৰে।
লগতে পঢ়ক: চোৰাং দ্ৰব্য সৰবৰাহৰ সুচল পথত পৰিণত বিমানবন্দৰ! এইবাৰ মুম্বাই বিমানবন্দৰত জব্দ ৬১ কিলোগ্ৰাম সোণ
মেৰিলেণ্ডৰ ৰিপাব্লিকান গভৰ্ণৰ লেৰী হোগানৰ মতে, “এইটো তৃতীয় নিৰ্বাচন য’ত আমি ট্ৰাম্পৰ বাবে যথেষ্ট মূল্য পৰিশোধ কৰিব লগা হৈছে।” ‘
লেৰীয়ে ট্ৰাম্পক কটাক্ষ কৰি কয়, “তেওঁ কৈছিল যে আমি জিকি জিকি ভাগৰি পৰিম আৰু মই পৰাজিত হৈ ভাগৰিছো।”
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইতিহাসেই কয় যে মধ্যৱৰ্তী নিৰ্বাচনত ক্ষমতাসীন সকলে সদায় আসন হেৰুৱায়। তথাপি যোৱা ২০ বছৰ ভিতৰত চাব গ’লে ডেমক্ৰেটসকলে সেই স্থানত যথেষ্ট ভাল প্ৰদৰ্শন কৰিছে।
সদনৰ অধ্যক্ষ নেন্সি পেলোচিয়ে কয়, “ৱাশ্বিংটনত পণ্ডিতসকলে কৈছিল যে আমি জিকিব নোৱাৰো! কাৰণ ইতিহাস, ইতিহাস, ইতিহাস।‘’ কিন্তু “ডেমক্ৰেটসকলে পাণ্ডিতালিত বিশ্বাস নকৰে। ইয়াৰ পৰিৱৰ্তে, ডেমক্ৰেটসকলে নিজৰ পিনে আৰু তেওঁলোকৰ প্ৰতিদ্বন্দীসকলৰ পিনে লক্ষ্য ৰাখে।‘’
লগতে পঢ়ক:মুম্বাই বন্দৰত চাঞ্চল্য: কৰ্মৰত জাহাজত চাৰ্ভিচ পিষ্টলেৰে গুলীয়াই আত্মহত্যা নৌসেনা বিষয়াৰ
জো বিডেনে ২০২৪ চনৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ পৰিকল্পনা কৰিছে। পেলোচিয়েও তেওঁক সমৰ্থন কৰি আছে। ২০২০ চনত বিডেনৰ হাতত পৰাজিত হোৱা ৰিপাব্লিকান নেতা ড’নাল্ড ট্ৰাম্পৰো আছে সেই একেই আকাংক্ষা।