৬ টা বলত ৭ টা ছয়! ইতিহাস গঢ়িলে ৰুতুৰাজে; দুৰ্যোগ নামিল কোন বলাৰৰ?

Ruturaj Gaikwad scripts history smashes 7 sixes আহমেদাবাদৰ মোটেৰাৰ চৰ্দাৰ পেটেল ষ্টেডিয়াম বি গ্ৰাউণ্ডত অনুষ্ঠিত হৈছে বিজয় হাজাৰে ট্ৰফীৰ দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেল খেল। মহাৰাষ্ট্ৰ বনাম উত্তৰ প্ৰদেশ সোমবাৰে পুৱা মুখামুখি হয়। মটেৰাত টছত পৰাজিত হোৱাৰ পিছত মহাৰাষ্ট্ৰই প্ৰথমে বেটিং কৰে আৰু নিৰ্ধাৰিত অভাৰত ৫ টা উইকেট হেৰুৱাই ৩৩০ ৰাণ সংগ্ৰহ কৰে।

অপেনাৰ ৰুতুৰাজ গায়কোৱাডে মহাৰাষ্ট্ৰৰ বাবে বিশ্ব অভিলেখ গঢ়ে। চেন্নাই চুপাৰ কিংছৰ বেটছমেনজনে ১৫৯ টা বলত অপৰাজিত ২২০ ৰাণ সংগ্ৰহ কৰে। এইটো নক’লেও হ’ব যে ৰুতুৰাজে মটেৰাত আজিৰ দিনটোত এক আক্ৰমণাত্মক মেজাজত বেটিং কৰিছিল। তেওঁৰ বেটে সকলো দেখুৱাইছে। অৱশ্যে ৰুতুৰাজে আজিৰ দিনটোত যি কৰিলে, সেয়া বিশ্বৰ কোনো বেটছমেনে লিষ্ট এ ক্ৰিকেটত আগতে কৰিব পৰা নাই।

ৰুতুৰাজে তেওঁৰ লিষ্ট-এ কেৰিয়াৰৰ প্ৰথমটো দ্বিশতক ১০ টা চাৰি আৰু ১৬ টা ছয়েৰে স্মৰণীয় কৰি তুলিছে। এই ১৬ টা ছয়ৰ ভিতৰত ৰুতুৰাজে শেষ অভাৰত ৭টা ছয় মাৰে। ইনিংছৰ ৪৯ তম অভাৰত ৰুতুৰাজে এক বিধ্বংসী মেজাজত বেটিং কৰে। ৰুতুৰাজে উত্তৰ প্ৰদেশৰ বাওঁহাতীয়া স্পিনাৰ শিৱ সিঙক লক্ষ্য কৰি লয়। শিৱই তেওঁৰ অভাৰত এটা নো-বল কৰাৰ বাবে মুঠ সাতটা বল দিয়ে। আৰু এই সাতটা ডেলিভাৰী ৰুতুৰাজে অভাৰ বাউণ্ডেৰীলৈ ৰূপান্তৰিত কৰে।

ইয়াৰ পূৰ্বে কোনো বেটছমেনে এটা অভাৰত সাতটা ছয় মাৰিব পৰা নাছিল। ক্ৰিকেট ইতিহাসত ছাৰ গাৰফিল্ড ছোবৰ্ছ, ৰবি শাস্ত্ৰী, হাৰ্চেল গিবছ, যুৱৰাজ সিং, ৰোজ হুইটলী, হজৰতুল্লাজাই, লিঅ কাৰ্টাৰ, কাইৰন প’লাৰ্ড আৰু থিচাৰা পেৰেৰা সকলোৱে ছয়টা বলত ছয়টা ছয় মাৰিছে। কাৰো বেটৰ পৰা অহা নাছিল ৭টা ছয় । শেষ অভাৰত মহাৰাষ্ট্ৰৰ স্ক’ৰবোৰ্ডত ৪৩ ৰাণ যোগ হৈছিল!