NORTHEAST NOW (Assamese)

কা-ই কাৰণ: বিজেপিৰ সৈতে দূৰত্ব বঢ়ালে শিৰোমণি আকালি দলে; দিল্লী নিৰ্বাচনত নকৰে প্ৰতিদ্বন্দ্বিতা

January 21, 2020 9:14 am · এন ই নাও নিউজ
Updated: January 21, 2020 4:58 pm
শিৰোমণি আকালি দলৰ নেতা চৰ্দাৰ সুখবীৰ বাদলৰ ফাইল ফটো। সৌজন্য: আজতক

বিজেপিৰ সহযোগী দল শিৰোমণি আকালি দলে দিল্লী বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত লৈছে।

দলটোৰ এই সিদ্ধান্তৰ কাৰণ নাগৰিকত্ব সংশোধনী আইন বুলি কোৱা হৈছে।

শিৰোমণি আকালি দলৰ নেতা মনজিন্দৰ সিং ছিৰছাই সোমবাৰে জানিব দিয়ে যে তেওঁলোকে প্ৰাৰ্থিত্ব বা আসনক লৈ নহয়, নাগৰিকত্ব সংশোধনী আইনকলৈহে এনে সিদ্ধান্ত লৈছে।

তেওঁ কয় যে মিত্ৰতা পূৰ্বৰ দৰেই চলি থাকিব যদিও দিল্লীৰ নিৰ্বাচনত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা নকৰে।

মনজিন্দৰ সিং ছিৰছাই কয় যে শিৰোমণি আকালি দলৰ ফালৰ পৰা বিজেপিৰ সৈতে পুৰণি মিত্ৰতা আছে। কিন্তু বিগত দিনত দলটোৰ নেতা চৰ্দাৰ সুখবীৰ বাদলৰ CAAসন্দৰ্ভত স্থিতিলৈ চাই দলটোৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত লৈছে।

ছিৰছাই কয় যে দলটোৰ স্পষ্ট স্থিতি হ’ল ই ধৰ্মৰ ভিত্তিত বিভাজন হ’বলৈ নিদিয়ে। দলটোৱে কোনো ধৰ্মৰ বিৰুদ্ধে নহ’লে কা’ৰ সমৰ্থন কৰিলেহেঁতেন।

মনজিন্দৰ সিং ছিৰছাই সদৰী কৰে যে যোৱা তিনিদিন ধৰি বিজেপিৰ সৈতে কথাবতৰা চলিছিল যদিও দলটোৱে নিজৰ স্থিতিৰ পৰা আঁতৰি আহিবলৈ প্ৰস্তুত নহয়।

ইয়াৰ বাবেই দলটোৰ নেতাৰ নিৰ্দেশ অনুসৰি শিৰোমণি আকালি দলে দিল্লী বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰাৰ বিৰত থকাৰ সিদ্ধান্ত লয়।

উল্লেখ্য যে দিল্লীত শিৰোমণি আকালি দলৰ পৰা একমাত্ৰ বিধায়ক মনজিন্দৰ সিং ছিৰছাই আছিল আৰু তেওঁৱো দলৰ সিদ্ধান্ত মানি এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে।

Related News