‘সাৰদা’ৰ প্ৰসংগ! মুখ খুলিছে সদানন্দ গগৈয়ে; দিবন ডেকাক লৈ কি অভিযোগ শিল্পীগৰাকীৰ?

sada gogoi -diban deka

সদানন্দ গগৈ আৰু দিবন ডেকা। ফাইল ফটো।

অসমত ‘সাৰদা’ৰ বিয়াগোম কেলেংকাৰীক লৈ পূৰ্বতে বহু পানী ঘোলা হৈছে। কিন্তু হঠাতে সাৰদা কেলেংকাৰীৰ বিষয়টোৱে চৰ্চাৰ মাজৰ পৰা হেৰাই গৈছিল। এটা বিন্দুত গৈ চিবিআইৰ তদন্তও যেন থমকি ৰৈছিল!

কাৰণ আছিল বহুতো। এই কেলেংকাৰীত নাম সাঙোৰ খাই পৰিছিল ৰাজনীতিক নেতাৰ পৰা আৰম্ভ কৰি বহু উচ্চ পদস্থ চৰকাৰী বিষয়াৰ লগতে বিভিন্নজনৰ নাম।

এই সাৰদা কেলেংকাৰীৰ এগৰাকী অভিযুক্ত তথা কাৰাদণ্ড ভোগ কৰা শিল্পী সদানন্দ গগৈয়ে এইবাৰ নিজৰ ফেচবুক প’ষ্টৰ যোগেদি কেলেংকাৰীটোৰ সৈতে তেওঁ ষড়যন্ত্ৰৰ বলি হোৱাৰ অভিযোগ তুলিছে।

নিজৰ এটা ফেচবুক প’ষ্টত সদানন্দ গগৈয়ে শেহতীয়াকৈ ৰাজ্য জোকাৰি যোৱা আৰক্ষী নিযুক্তি কেলেংকাৰীৰ মূল অভিযুক্ত তথা সাৰদা কেলেংকাৰীতো চৰ্চাৰ মাজলৈ অহা দিবন ডেকাক লক্ষ্য কৰিয়েই এই প’ষ্টটো লিখিছে।

সদানন্দ গগৈয়ে লিখিছে, ‘’এই দিবন ডেকা, অখিল গগৈ আৰু যুৱ কংগ্ৰেছৰ চৌধাৰী,তালুকদাৰ আদিয়ে ষড়যন্ত্ৰ কৰি মোক কাৰাগাৰলৈ নিক্ষেপ কৰিছিল। সাংবাদিক আৰু চাহ বাগিছাৰ মালিক মৃণাল তালুকদাৰৰ এটি TV তক শ্ব’ত অখিল গগৈ ডাঙৰীয়াই এখন ভুৱা ফোন কল ৰেকৰ্ড উলিয়াই জোঁকাৰি জোঁকাৰি TV ত দেখুৱাইছিল যে মই এদিনত ২৭ বাৰ সাৰদাৰ মালিকৰ লগত কথা পাতিছিলো।‘’

গগৈয়ে লগতে কয়,’’কিন্তু মই জানো মই সাৰদাৰ মালিকৰ নম্বৰেই নাজানো। পিছত আনকি চি বি আইৰ IGP জনেই দিবন ডেকাৰ সন্মুখতে কল লিষ্ট খন ভুৱা বুলি কৈছিল। মই এখন তেওঁলোকৰ বিস্কুট কাৰখানাৰ advertisement ৰ ফিল্ম হে বনাই দিছিলোঁ। সেই advertisement টো অসমৰ সকলো TV টে বাজিছিল। আৰু সেই advertisement film খন মোক বনাব দিছিল ঘোষ দস্তিদৰ নামৰ তেওঁ লোকৰ executive officer জনে,মালিকে নহয়।‘’

শিল্পী গগৈৰ আৱেগিক অভিযোগ, ‘’মই মোৰ একমাত্ৰ ছোৱালীজনী ক্লাছ চিক্সত এৰি থৈ গৈ ক্লাছ নাইনত আহি লগ পাইছোঁ। মোৰ ৰুগীয়া মাক হস্পিতালত চাবলৈও মোক অনুমতি দিয়া নাছিল। মই কোলাত লৈ ডাঙৰ কৰা মোৰ ভাগিন ল’ৰাটো ঢুকাউতেও মই চাবলৈ অনুমতি নাপালোঁ। তাৰ পাছতে মাও মোক এৰি গুচি গ’ল। বলিলৈ যিপাত শৰ সুগ্ৰীবলৈ’ একেপাত শৰ। মই দিবনক cbi অফিচতে সুধিছিলো যে মোক মিছাতে কিয় ফচালে, তেওঁৰ উত্তৰ আছিল “মই অকলে ফচিম নেকি” ৰাইজক মই কথা বোৰ মোৰ অতি সোনকালে প্ৰকাশ পাব লগীয়া আত্মজীৱনী “জীৱন সুৰৰ গান’ত সম্পূৰ্ণ কৈ জনাম। আশীৰ্বাদ কৰিব।‘’

উক্ত প’ষ্টটোৰ জৰিয়তে সদানন্দ গগৈয়ে আকৌ এবাৰ ‘সাৰদা’ কেলেংকাৰীৰ প্ৰসংগ উত্থাপন কৰি পানী ঘোলা কৰিবলৈ আগবাঢ়িছে। সকলোৰে মনত সদায়েই এক প্ৰশ্ন ৰাখি যোৱা এই বৃহৎ কেলেংকাৰীটোৰ তদন্তৰ ফলাফলক লৈয়ো সন্দেহৰ অৱকাশ থাকি গৈছে।

উল্লেখ্য যে ২০১৩ চনৰ এপ্ৰিলত পতন হোৱাৰ পূৰ্বে পশ্চিম বংগ, অসম, ত্ৰিপুৰা, ঝাৰখণ্ড আৰু উৰিষ্যাৰ ১.৭ মিলিয়নতকৈও অধিক লোকৰ ২৫০০ কোটি টকা সৰকোৱা অভিসন্ধিকাৰী সুদীপ্ত সেন আছিল সাৰদা গ্ৰুপৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক।

সূত্ৰ অনুসৰি, অসমৰ দৰিদ্ৰ বিনিয়োগকাৰীৰ পৰা সাৰদাই ৫০০ কোটি টকা সংগ্ৰহ কৰিছিল আৰু জমাকাল সম্পূৰ্ণ হ’লে বিপুল পৰিমাণৰ টকা ঘূৰাই পোৱাৰ আশা দিছিল। অসমৰ হাজাৰ হাজাৰ বিনিয়োগকাৰীয়ে তেওঁলোক প্ৰতাৰিত হোৱা বুলি অভিযোগ কৰিছিল।

চাৰিটা কোম্পানিৰ যোগেদি ২০০৮ৰ জুলাইৰ পৰা ২০১৩ চনৰ এপ্ৰিললৈকে ৰাইজৰ পৰা এই চিট ফান্দ কোম্পানীটোৱে ধন সংগ্ৰহ কৰিছিল বুলি এনফৰ্চমেণ্ট ডিৰেক্টৰেটে ইয়াৰ অভিযোগনামাত উল্লেখ কৰিছিল। কোম্পানী চাৰিটা আছিল Saradha Realty India Ltd, Saradha Tours & Travels Pvt Ltd, Saradha Housing Pvt Ltd আৰু Saradha Garden Resorts and Hotels Pvt Ltd।

সূত্ৰ অনুসৰি, সুদীপ্ত সেন অসমৰ একাংশ প্ৰভাৱশালী ৰাজনৈতিক নেতা আৰু আনকি জ্যেষ্ঠ আৰক্ষী বিষয়াৰো ঘনিষ্ঠ আছিল আৰু তেওঁৰ চিট ফান্দ ব্যৱসায়ক বৈধতা প্ৰদানৰ বাবে তেওঁলোকক নিয়মীয়াকৈ ধন দিছিল।

সাৰদা কেলেংকাৰিত জড়িত থকাৰ বাবে অসমৰ তিনিগৰাকী জনাজাত লোক প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী প্ৰয়াত মাতংগ সিং, গায়ক সদানন্দ গগৈ আৰু মিডিয়া বেৰন মনোৰঞ্জনা সিঙক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু ক’লকাতাত জে’লত ৰখা হৈছিল।

এই চিট ফান্দ গোচৰ সন্দৰ্ভত ২০১৭ চনৰ ফেব্ৰুৱাৰিত মধ্য দিল্লীৰ গ’লে বজাৰত প্ৰাক্তন কংগ্ৰেছী নেতা মাতংগ সিঙৰ ১০০ কোটিটকীয়া সম্পত্তি এনফ’ৰ্চমেণ্ট ডিৰেক্টৰেটে বাজেয়াপ্ত কৰিছিল।

সোণাপুৰৰ দুখন ৰিচ’ৰ্ট, দুখন অসমীয়া বাতৰি কাকত আৰু মালিগাঁৱৰ এখন হস্পিটেলকে ধৰি অসমত বহু প্ৰকল্পত সেনে বিনিয়োগ কৰিছিল বুলি তদন্তত ফাদিল হৈছিল।

গুৱাহাটীত সেনে Seven Sisters Post আৰু সকালবেলা (বাংলা) নামৰ দুখন বাতৰি কাকত আৰম্ভ কৰিছিল। ২০১৩ চনৰ এপ্ৰিলত তেওঁৰ গ্ৰেপ্তাৰৰ লগে লগে কাকত দুখনো বন্ধ হৈ যায়। জমাকাৰী, এজেণ্ট আৰু কৰ্মচাৰীৰ প্ৰতিবাদত ২০১৩ চনৰ ২২ এপ্ৰিলত অসম আৰক্ষীয়ে সাৰদাৰ ৫টা কাৰ্য্যালয় চীল কৰি দিছিল।

পশ্চিম বংগত ঠগ খোৱা জমাকাৰীৰ এজাহাৰৰ ভিত্তিত তদন্ত হোৱাৰ বিপৰীতে ব্যাপক প্ৰতিবাদৰ মাজত তদানীত্বন অসম চৰকাৰে নিজাববীয়াকৈ সাৰদা আৰু আন ১২৭টা কোম্পানীৰ বিৰুদ্ধে ২২২ গোচৰ ৰুজু কৰিছিল। ২০১৩ চনৰ ৬ মে’ত অসম চৰকাৰে ইয়াৰ তদন্তৰ ভাৰ চি বি আইক গতাই দিছিল।

অসমৰ ৰাইজে ‘সাৰদা’ কেলেংকাৰীত জড়িত প্ৰকৃত দোষীসকলে শাস্তি পোৱাটো বিচাৰে। কিন্তু ৰাজনৈতিক মেৰপেচত পৰিয়েই গোটেই কেলেংকাৰীৰ বিষয়টো এক ‘নুফুলা ফুলৰ কলি’ হৈ পৰিল।