ইটোৰ পিছত সিটোকৈ চাঞ্চল্যকৰ তথ্য উন্মোচিত হৈছে দিল্লীৰ নৃশংস নিকি যাদৱ হত্যাকাণ্ডৰ। যোৱা মঙলবাৰে নিকিৰ মৃতদেহ এখন ৰেষ্টুৰেণ্টৰ পৰা উদ্ধাৰৰ পাছতে এই হত্যাকাণ্ডৰ তদন্ত চলাই থকা আৰক্ষীয়ে অভিযুক্ত তথা নিকিৰ লিভ-ইন পাৰ্টনাৰ চাহিল গেহলটৰ পৰা আজি আন কিছু তথ্য লাভ কৰিছে।
উল্লেখ্য যে, আৰক্ষীৰ জেৰাত চাহিলে নিকিক কেবুলেৰে ডিঙি চেপি হত্যা কৰা বুলি স্বীকাৰ কৰিছিল। কিন্তু নিকিক প্ৰথমে এইদৰে হত্যা কৰিব বিচৰা নাছিল চাহিলে। দিল্লী আৰক্ষীৰ ঘনিষ্ঠ সূত্ৰই সংবাদ মাধ্যমক অৱগত কৰা মতে, চাহিলে নিকিক গাড়ীৰ পৰা ঠেলি দি হত্যাকাণ্ডটোক পথ দুৰ্ঘটনাৰ ৰূপ দিব বিচাৰিছিল।
অৱশ্যে আৰক্ষীয়ে সদৰী কৰা মতে, ঘটনাৰ দিনা গাড়ীৰ ভিতৰতে কাজিয়া তীব্ৰতৰ হৈ পৰাত চাহিলৰ এই পৰিকল্পনা ব্যৰ্থ হয় আৰু গাড়ীৰ ভিতৰতে নিকিক ডিঙি চেপি হত্যা কৰিবলগীয়া হ’ল বুলি স্বীকাৰ কৰিছে অভিযুক্ত চাহিল গেহলটে।
ইয়াৰ পূৰ্বে দিল্লী আৰক্ষীয়ে হত্যাকাণ্ডৰ অভিযুক্তসকলৰ ভিতৰত দিল্লী আৰক্ষীৰ এগৰাকী কনিষ্টবলো আছে বুলি উল্লেখ কৰিছিল। কনিষ্টবল গৰাকীয়ে চাহিলক নিকিৰ মৃতদেহ ফ্ৰীজত লুকুৱাই ৰখাৰ পৰামৰ্শ দিছিল বুলি দিল্লী আৰক্ষীয়ে সদৰী কৰিছে।
এই শিহৰণকাৰী হত্যাকাণ্ডৰ ৰহস্য উন্মোচিত হোৱাৰ পিছতে আৰক্ষীয়ে তদন্তত আন পাঁচগৰাকী লোকে চাহিল গেহলটক নিকিৰ মৃতদেহ ফ্ৰীজত লুকুৱাই ৰখাত সহায় কৰিছিল বুলি জানিব পাৰে আৰু আটাইকেইগৰাকী অভিযুক্ত এতিয়া আৰক্ষীৰ জিম্মাত আছে বুলি দিল্লী আৰক্ষীয়ে লগতে জানিবলৈ দিছে।
আৰক্ষীয়ে ইতিমধ্যে নিকি যাদৱক হত্যা কৰাত তেওঁৰ প্ৰেমিক তথা হত্যাত অভিযুক্ত চাহিল গেহলটক তেওঁৰ পিতৃয়েও সহায় কৰাৰ তথ্য পোৱাৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰিছে।দিল্লী আৰক্ষীৰ মতে, ২০২০ চনৰ অক্টোবৰ মাহত নয়ডাৰ মন্দিৰত বিবাহপাশত আবদ্ধ হৈছিল চাহিল আৰু নিকি।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, চাহিলৰ পৰিয়াল এই সম্পৰ্কত মান্তি হোৱা নাছিল আৰু আন এগৰাকী যুৱতীৰ সৈতে চাহিলৰ বিবাহ ঠিক কৰি দিছিল। কিন্তু নিকিয়ে কেতিয়াও জানিব পৰা নাছিল তেওঁৰ লিভ-ইন পাৰ্টনাৰ চাহিলৰ আন এগৰাকী যুৱতীৰ সৈতে এংগেজমেণ্ট হোৱাৰ কথা। আৰক্ষীৰ ভাষ্য মতে, চাহিলৰ এই নতুন বিয়াৰ এদিন পূৰ্বেহে এই কথা জানিব পাৰিছিল নিকিয়ে।