বিশিষ্ট গল্পকাৰ, সাংবাদিক মনোজ কুমাৰ গোস্বামীলৈ ‘ভুল সত্য’ৰ বাবে সাহিত্য অকাডেমী বঁটা

অসমীয়া ভাষাৰ বাবে ২০২২ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা প্ৰদান কৰা হৈছে বিশিষ্ট গল্পকাৰ, সাংবাদিক মনোজ কুমাৰ গোস্বামীক। বিশিষ্ট কথা সাহিত্যিকগৰাকীক তেওঁৰ “ভুল সত্য” শীৰ্ষক গল্প সংকলনখনৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে।

অসমীয়া সাহিত্য জগতত এগৰাকী সুকীয়া গদ্যশৈলী তথা নব্য চিন্তাৰ সুলেখক গোস্বামীৰ গল্পসমূহে পাঠকক সদায়েই ‘অপূৰ্ববস্তুনিৰ্মাণক্ষমপ্ৰজ্ঞা’ৰ সৈতে পৰিচয় কৰাই দি আহিছে।

মনোজ কুমাৰ গোস্বামী অসমীয়া কথা সাহিত্যৰ পাঠক সমাজত এটি জনপ্ৰিয় নাম। তেওঁৰ ইশ্বৰহীনতা, স্বাধীনতা, সমীৰণ বৰুৱা আহি আছে, এলুমিনিয়ামৰ আঙুলি আদি কেইবাখনো গল্প সংকলনে ইতিমধ্যে পাঠকৰ মনত গভীৰ সাংচ বহুৱাই থৈছে।

১৯৬২ চনত নগাওঁত জন্ম গ্ৰহণ কৰা গোস্বামীয়ে পদাৰ্থ বিজ্ঞানত উচ্চ শিক্ষা গ্ৰহণ কৰি শিক্ষকতা কৰিছিল যদিও তেওঁ নিজকে সৃষ্টিশীল পৃথিৱীখনৰ মাজতহে নিজৰ পৰিচয় সন্ধান কৰিছিল আৰু সেয়ে সাহিত্যক উপজীৱ্য কৰি পিছত সাংবাদিকতাৰ জগতত প্ৰৱেশ কৰে।

১৯৮৬ চনত চন্দ্ৰ প্ৰসাদ শইকীয়াৰ সম্পাদনাত প্ৰকাশিত নতুন দৈনিক নামৰ বাতৰি কাকতখনৰ জৰিয়তে সাংবাদিকতাৰ জগতত প্ৰৱেশ কৰা মনোজ কুমাৰ গোস্বামীয়ে পৰৱৰ্তী সময়ত আজিৰ বাতৰি, আমাৰ অসম, জনসাধাৰণ আদিৰ দৰে অন্যতম বাতৰি কাকতৰ সম্পাদক আৰু কাৰ্যবাহী সম্পাদক ৰূপে কাৰ্য নিৰ্বাহ কৰে। তেওঁ বৰ্তমান আমাৰ অসম কাকতৰ মুখ্য  সম্পাদক।

আনহাতে, ছপা মাধ্যমৰ উপৰিও ৰাজ্যখনৰ ইলেকট্ৰনিক সংবাদ মাধ্যমতো গোস্বামী এগৰাকী নেতৃত্বধাৰী সাংবাদিক। তেওঁ কেইবাবছৰ ধৰি ডি ৱাই-৩৬৫ নামৰ নিউজ চেনেলটোৰ মুখ্য সম্পাদকৰ পদত কাৰ্যনিৰ্বাহ কৰিছিল। বৰ্তমানো তেওঁ এটা নিউজ চেনেলৰ মুখ্য সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

শেহতীয়াকৈ গোস্বামীয়ে তেওঁৰ সাংবাদিক জীৱনৰ অভিজ্ঞতাৰ ভিত্তিত ৰচনা কৰা “ৰাজনীতিৰ অলিয়ে-গলিয়ে” শীৰ্ষক সংকলনখনেও বিশেষ জনপ্ৰিয়তা লাভ কৰিছে। মনোজ কুমাৰ গোস্বামীলৈ সাহিত্য অকাডেমী বঁটা অসমৰ সাহিত্য জগতখনৰ বাবে এটা শুভকংৰ খৱৰ।