NORTHEAST NOW (Assamese)

সুখবৰ! অপূৰ্ব কুমাৰ শইকীয়ালৈ সাহিত্য অকাডেমী বঁটা, দ্বিজেন কুমাৰ দাসলৈ যুৱ সাহিত্য বঁটা

March 12, 2021 5:04 pm · এন ই নাও নিউজ
Updated: March 12, 2021 5:27 pm

২০২০ চনৰ সাহিত্য একাডেমী বঁটা ঘোষণা কৰা হৈছে।

অসমৰ জনপ্ৰিয় গল্পকাৰ অপূৰ্ব কুমাৰ শইকীয়া আৰু কবি দ্বীজেন কুমাৰ দাসে এই বঁটা লাভ কৰিছে।

পেচাত এজন চিকিৎসক অপূৰ্ব কুমাৰ শইকীয়াই সাহিত্য একাডেমী সন্মান লাভ কৰিছে ‘বেংছটা’ শীৰ্ষক গল্পপুথিৰ বাবে।

আনহাতে তামুলপুৰৰ কবি দ্বীজেন কুমাৰ দাসে সাহিত্য একাডেমী যুৱ বঁটা লাভ কৰিছে ‘মেঘঘোঁৰা’ নামৰ কবিতা সংকলনখনৰ বাবে।

শইকীয়াৰ গল্পসংকনখন ২০১৬ চনত আঁকবাঁক প্ৰকাশনে প্ৰকাশ কৰাৰ বিপৰীতে দাসৰ কবিতাসংকলনখন পূৰ্বায়ন প্ৰকাশনৰ পৰা ২০১৮চনত প্ৰকাশ পাইছিল।

উল্লেখযোগ্য যে পশ্চিম বংগৰ জনপ্ৰিয় লেখক শংকৰেও ২০২০ বৰ্ষৰ সাহিত্য একাডেমী বঁটা লাভ কৰিছে।

‘শংকৰ’ ছদ্মনামেৰে জনপ্ৰিয় হোৱা মণি শংকৰ মুখোপাধ্যায়ে (৮৭) ‘একা একা একাশী’ শীৰ্ষক আত্মজীৱনীমূলক গ্ৰন্থখনৰ বাবে এই সন্মান লাভ কৰিছে।

Related News