জন ‘বিভ্ৰান্তি’ত মত্ত জনসংযোগ; লতাশিলৰ পৰা সকীয়নি সাহিত্য সভাৰ

Sahitya Sabha slams Assam DIPR

ফাইল ছবি- নৰ্থ ইষ্ট নাও।

ৰাইজৰ ধনেৰে চলা অসম চৰকাৰৰ জনসংযোগ বিভাগ নামিছে জনগণৰ মাজত বিভ্ৰান্তি সৃষ্টিত, অভিযোগ সাহিত্য সভাৰ।

মুখ্য মন্ত্ৰীৰ সৈতে সভাৰ বৈঠকৰ আচল বিষয় লুকুৱাই সংবাদ মাধ্যমত দিয়া বিবৃতিৰ বাবে লতাশিলত আয়োজিত “খিলঞ্জীয়াৰ বজ্ৰনিনাদ”ৰ পৰা জনসংযোগ বিভাগক সকীয়াই দিছে সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাই।

“আমি জনসংযোগ বিভাগক ক’ব বিচাৰিছো অসম সাহিত্য সভা আৰু জনগোষ্ঠীয় সাহিত্য সভাৰ প্ৰতিনিধিসকলে মুখ্য মন্ত্ৰী মহোদয়ক কি কৈছিলো, সাহস আছে যদি সেই কথা ৰাজহুৱা কৰক। ৰাইজক মিছাকৈ বিভ্ৰান্ত নকৰিব,” জনসংযোগক প্ৰত্যাহ্বান ৰাজখোৱাৰ।

ৰাজখোৱাই লগতে কয় যে বৈঠকত সাহিত্য সভাৰ পৰামৰ্শ “নীৰৱে” শুনিছিল মুখ্য মন্ত্ৰী সোণোৱালে, কিন্তু সেই কথা সমুলঞ্চে অনুপস্থিত জনসংযোগৰ বিবৃতিত।

“আমি মুখ্য মন্ত্ৰীক সাক্ষাৎ কৰি স্মাৰক পত্ৰ দিছিলো আৰু কৈছিলো যে নাগৰিকত্ব সংশোধনী বিধেয়ক আমি মানি নলওঁ। আপুনি অসমৰ ৰাইজৰ কথা শুনক। বিধেয়কখনৰ বিৰোধিতা কৰি ‘জাতীয় নায়ক’ হিচাপে আপুনি পুনৰ পৰিগণিত হওক,” মুখ্য মন্ত্ৰীক বৈঠকত আগবঢ়োৱা পৰামৰ্শৰ উদ্ধৃতিৰে এই মন্তব্য সভাৰ প্ৰধান সম্পাদকজনৰ।

মুখ্য মন্ত্ৰীক সাক্ষাৎ সন্দৰ্ভত সভাৰ বিবৃতিটোত বিধেয়ক বিৰোধিতাই অন্যতম প্ৰধান আৰু সৰ্বপ্ৰথম বিষয়ৰূপে উল্লেখ আছিল।

কিন্তু জনসংযোগে মুখ্য মন্ত্ৰীৰ হৈ দিয়া বিবৃতিত কোৱা হৈছিল যে বৈঠকত মুখ্য মন্ত্ৰীয়ে বিধেয়ক সন্দৰ্ভত চৰকাৰৰ “স্থিতি স্পষ্ট” কৰে আৰু কয় যে এই সন্দৰ্ভত অসমৰ একাংশ দল-সংগঠনে চলোৱা প্ৰচাৰ “সত্যৰ ওপৰত আধাৰিত নহয়”।