খোলা বিড়ি আৰু চিগাৰেটৰ বিক্ৰী নিষিদ্ধ কৰা হ’ল এইখন ৰাজ্যত, কাৰণটো জানক

a bidi

দেশজুৰি ক’ৰ’ণা ভাইৰাছে মহা সংহাৰৰ সৃষ্টি কৰি থকাৰ সময়তে দেশৰ এখন ৰাজ্যই খোলা অৱস্থাত বিড়ি আৰু চিগাৰেটৰ বিক্ৰী নিষিদ্ধ কৰিছে। খোলা অৱস্থাত বিড়ি আৰু চিগাৰেটৰ বিক্ৰী নিষিদ্ধ কৰা ৰাজ্য খন হৈছে মহাৰাষ্ট্ৰ।

মহাৰাষ্ট্ৰৰ স্বাস্থ্য দপ্তৰে শেহতীয়াকৈ প্ৰকাশ কৰা এক নিৰ্দেশনাত এই বুলি কোৱা হৈছে কোনো বিক্ৰেতাই গ্ৰাহকক খোলাকৈ বিড়ি আৰু চিগাৰেট বিক্ৰী কৰিব নোৱাৰিব।

কোনোবাই বিড়ি অথবা চিগাৰেট ক্ৰয় কৰিব বিচাৰিলে সম্পূৰ্ণ পেকেটটো ক্ৰয় কৰিব পাৰিব।

ধূমপানে কোভিড সংক্ৰমণৰ আশংকা বহু গুণে বঢ়াই তোলাৰ আশংকা থকাৰ সময়তে মহাৰাষ্ট্ৰ চৰকাৰে খোলা অৱস্থাত বিড়ি-চিগাৰেটৰ বিক্ৰী বন্ধ কৰাৰ কথাই বিশেষ তাৎপৰ্য বহন কৰিছে।

ধপাত জাতীয় সামগ্ৰী আইন ২০০৩ (বিজ্ঞাপন, নিষিদ্ধকৰণ, বাণিজ্য নিয়ন্ত্ৰণ, বাণিজ্য, উৎপাদন, সৰবৰাহ আৰু বিতৰণ) অনুসৰি চিগাৰেট-বিড়িৰ পেকেটৰ উপৰিভাগৰ ৮৫ শতাংশ অঞ্চল সামৰি ধঁপাত সেৱনৰ ভয়াৱহতা সম্পৰ্কীয় সতৰ্কতা প্ৰকাশ কৰিব লাগে।

খোলা অৱস্থাত এটা বা দুটাকৈ বিড়ি-চিগাৰেট কিনাসকলে সেই সতৰ্কতামূলক কথা দেখিবলৈ নাপায়।

সেয়ে খোলা অৱস্থাত বিড়ি-চিগাৰেটৰ বিক্ৰী নিষিদ্ধ কৰা হৈছে। এই আইন উলংঘা কৰা সকলক কঠোৰ শাস্তি বিহা হ’ব বুলি মহাৰাষ্ট্ৰ জনস্বাস্থ্য দপ্তৰৰ মন্ত্ৰী ৰাজেশ টপেই প্ৰকাশ কৰিছে।

বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা তথ্য অনুসৰি বিশ্বজুৰি আজিৰ তাৰিখত ৪০ নিযুতকৈয়ো অধিক নাবালকে ধঁপাত ব্যৱহাৰ কৰে।

স্বাস্থ্য সংস্থাৰ মতে বিশ্বজুৰি বৰ্তমান ১৩ৰ পৰা ১৫ বছৰ বয়সৰ ভিতৰৰ ৪০ নিযুতকৈ অধিক শিশুৱে ধঁপাত ব্যৱহাৰ কৰি আহিছে।

ধঁপাত উদ্যোগে প্ৰতি বছৰে ৯ বিলিয়ন মাৰ্কিন ডলাৰ বিজ্ঞাপনৰ নামত খৰচ কৰে।

বিশ্ব স্বাস্থ্য সংস্থাই কয় যে ধঁপাত উদ্যোগটোৱে বৰ্ধিতভাৱে তৰুণসকলক লক্ষ্য কৰিবলৈ লৈছে।

ধঁপাতজাতীয় সামগ্ৰীৰ ব্যৱহাৰৰ ফলত বছৰি ৮ মিলিয়ন লোক মৃত্যুমুখত পৰে।

স্বাস্থ্য সংস্থাটোৱে লগতে কয় যে এই নিচাজাতীয় সামগ্ৰীসমূহৰ ব্যৱহাৰে মানুহৰ কৰ’নাভাইৰাছৰ বিৰুদ্ধে যুঁজাৰ সক্ষমতা হ্ৰাস কৰে।

তৰুণসকলক সজাগ কৰাটো গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰি স্বাস্থ্য সংস্থাটোৱে কয় যে দহৰ ভিতৰত নজন ধূমপানকাৰীয়ে ১৮ বছৰ বয়সৰ পূৰ্বেই ইয়াক আৰম্ভ কৰে।

খোলা অৱস্থাত বিড়ি-চিগাৰেটৰ বিক্ৰী বন্ধ হোৱাৰ ফলত বহুতে বিশেষকৈ শিক্ষাৰ্থীসকলে চিগাৰেট-বিড়িৰ পেকেট কিনিবলৈ সক্ষম নহ’ব বুলি মহাৰাষ্ট্ৰৰ জনস্বাস্থ্য দপ্তৰৰ মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে।