NORTHEAST NOW (Assamese)

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সভাপতি সলিল নেওগৰ মৃত্যু

August 22, 2018 4:40 pm · মানস প্ৰতিম গগৈ

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সভাপতি, উজনি অসমৰ জাতীয়তাবাদী শিবিৰৰ এগৰাকী শক্তিশালী নেতা সলিল নেওগৰ(৪২) মৃত্যু হৈছে। কিছুদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি থকা নেওগক হাইদৰাবাদৰ এখন চিকিৎসালয়লৈ নিয়া হৈছিল যদিও আজি দিনৰ ১:৩০ বজাত চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে।

মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ সম্পাদক ৰাণা জ্যোতি নেওগৰ জ্যেষ্ঠ ভাতৃ সলিল নেওগৰ মৃত্যুত তিনিচুকীয়া জিলা খনৰ লগতে সমগ্ৰ মাৰ্ঘেৰিটা মহকুমাত শোকৰ ছাঁ‌ পৰিছে।

মৃত্যুৰ সময়ত নেওগে পত্নী পুত্ৰ, কন্যাৰ লগতে বহুকেইজন আত্মীয়-কটুম্বক ইহ-সংসাৰত এৰি থৈ যায়।

সলিল নেওগৰ মৃত্যুত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ,  মাৰ্ঘেৰিটা সাংবাদিক সংস্থা, নেৰ্চাচ বেকন, বাৰ্তাজীৱী সংঘ, মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থা, তিনিচুকীয়া জিলা সাংবাদিক সন্থা, আছা আঞ্চলিক সমিতিৰ লগতে বহু কেইটা দল সংগঠনে শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। কাইলে লিডুত নেতা গৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হ’ব।

Related News