ছলমান খানৰ জীৱনত প্ৰেম বহুবাৰ আহিছে। কিন্তু তাৰ মাজত এবাৰ বিয়া পাতিবলৈ সাজু হৈছিল অভিনেতাজন। কেৰিয়াৰৰ আৰম্ভণিতে ছলমানে বলীউদৰ এগৰাকী অভিনেত্ৰীৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ সিদ্ধান্ত লয়। সেই অভিনেত্ৰীগৰাকী আছিল সংগীতা বিজলানী।
আনকি ছলমান-সংগীতাৰ বিয়াৰ কাৰ্ডখনো ছপা হৈছিল। কিন্তু বিয়াৰ এমাহ আগতে ভাঙি গ’ল সম্পৰ্ক। আঁৰৰ কাৰণ হৈছে পৰকীয়া। ফ্লেটৰ বন্ধ কোঠাত আন এগৰাকী উদীয়মান অভিনেত্ৰীৰ সৈতে ছলমানক হাতেলোটে ধৰা পেলাইছিল সংগীতাই। ছলমানৰ আন এগৰাকী প্ৰাক্তন প্ৰেমিক সোমী আলী। ইমান বছৰৰ পাছত হঠাৎ সেই কথা প্ৰকাশ কৰিলে সোমীয়ে।
লগতে পঢ়ক: হঠাৎ মাজ আকাশৰ পৰা ভাঙি পৰিল যাত্ৰীবাহী বিমান; দুৰ্ঘটনাত ১৪ জন লোকৰ মৃত্যু
আঠ বছৰ ডেটিং কৰাৰ পিছত ছলমান আৰু সংগীতাই বিয়াৰ সিদ্ধান্ত লয়। সেই সময়ত সংগীতাৰ কেৰিয়াৰ প্ৰায় অস্তমিত হোৱাৰ পথত। তেতিয়া সফলতাৰ জখলা বগাই আছিল ছলমানে। ছলমানক বিয়া কৰাই পৰিয়াল গঢ়ি তোলাটো সংগীতাৰ ইচ্ছা আছিল। কিন্তু হঠাৎ সম্পৰ্কটো ছিন্নভিন্ন হৈ পৰিল।
তেওঁলোকৰ বিয়া ভাঙি গ’ল। বিয়াৰ এমাহ আগতে সংগীতাই গম পায় যে তেওঁলোকৰ মাজত তৃতীয় এক ব্যক্তিৰ প্ৰৱেশ ঘটিছে। পাকিস্তানী-আমেৰিকান অভিনেত্ৰী সোমী আলীৰ সৈতেও সম্পৰ্ক আছে ছলমানৰ।
লগতে পঢ়ক: অহা বছৰৰ পৰা অসমৰ চৰকাৰী মেডিকেল কলেজসমূহত নাথাকিব NRI কোটা
শেহতীয়াকৈ এটা সাক্ষাৎকাৰত সোমীয়ে কয় যে ‘’সংগীতা মোৰ ফ্লেটলৈ আহিছিল। তেওঁ ছলমানক হাতেলোটে ধৰিলে। সংগীতাৰ লগত ছলমানে যি কৰিছিল, মোৰ লগতো পিছত একেই কামেই কৰিলে। তেতিয়া মই বুজি পোৱা নাছিলো। পিছত মইও সেই কৰ্মফল ভোগ কৰিব লগা হ’ল।‘’
সোমীয়ে কয় যে ছলমানৰ অভিনয়ত তেওঁ আপ্লুত হৈ পৰিছিল। তেওঁ কেৱল ছলমানৰ বাবে বলীউডত কাম কৰাৰ সিদ্ধান্ত লৈছিল। ফ্ল’ৰিডাৰ পৰা মুম্বাইলৈ গুচি আহে। কেৱল সেয়াই নহয়, সোমীয়েও অন্তৰেৰে ছলমানক বিয়া কৰাবলৈ পৰিকল্পনা কৰিছিল।
লগতে পঢ়ক: হিমন্ত বিশ্ব শৰ্মাৰ মুখত ভূমি চুক্তিৰ কথা শুনাটো এক বিড়ম্বনা: মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ গৌৰৱ গগৈৰ
১৯৯৪ চনৰ ২৭ মে’ত ছলমান আৰু সংগীতাৰ বিয়া হোৱাৰ কথা আছিল। কিন্তু সোমীৰ সম্পৰ্কত জনাৰ পাছত এপ্ৰিল মাহত সংগীতাই বিয়া ভাঙি পেলায়। ইয়াৰ পিছত প্ৰায় আঠ বছৰ ধৰি ছলমানৰ সৈতে তেওঁৰ সম্পৰ্ক আছিল। তেওঁ কেইবাখনো হিন্দী ছবিতো কাম কৰিছিল। সোমীয়ে ছলমানৰ সৈতে বুলণ্ডত অভিনয় কৰিছিল। কেইবাবছৰৰ পাছত বলীউডৰ পৰা আঁতৰি আহে। এতিয়া প্ৰাক্তন অভিনেত্ৰীগৰাকীয়ে সমাজসেৱা আৰু নাৰী সবলীকৰণৰ কাম কৰি আছে।