NORTHEAST NOW (Assamese)

প্ৰচাৰ অবিহনে ২৫ হাজাৰ পৰিয়ালক সহায় আগবঢ়োৱা ছলমান খানক প্ৰশংসা অনুৰাগীৰ

April 11, 2020 8:20 am · এন ই নাও নিউজ
ফটো উৎস : ইনষ্টাগ্ৰাম

বলিউদ অভিনেতা ছলমান খানে দুখীয়াক সহায় কৰিবলৈ আগবাঢ়ি অহা আমি প্ৰায়েই দেখো। লকডাউনৰ সময়তো অভিনেতাগৰাকীয়ে আৰ্থিক সংকটত ভোগা ফিল্ম ইণ্ডাষ্ট্ৰিৰ দিন হাজিৰা কৰা কৰ্মচাৰীসকলক আৰ্থিকভাৱে সহায় আগবঢ়াইছিল।

ছলমানৰ এই সহায়ৰ বাবে তেওঁৰ অনৰাগী সকলে তেওঁক ছ’চিয়েল মিডিয়াত প্ৰশংসাৰে উপচাই পেলাইছিল।

এই বিষয়টো সংবাদ মাধ্যমত চৰ্চিত হৈছিল যদিও এইবাৰ অভিনেতাগৰাকীয়ে কোনো প্ৰচাৰ নকৰাকৈয়ে এইসকল দৈনিক মজুৰি কৰা লোকক খাদ্য সামগ্ৰীও প্ৰদান কৰি থকা বুলি জানিব পৰা গৈছে।

টুইটাৰৰ জৰিয়তে এই কথা জানিবলৈ দিছে ছলমান খানৰ বন্ধু তথা ৰাজনীতিবিদ বাবা ছিদ্দিকে।

ছিদ্দিকে কয় যে দিন হাজিৰা কৰা কৰ্মচাৰীসকলক কৰা সহায়ৰ বাবে ছলমান খানক ধন্যবাদ জনাইছো। সহায়ৰ ক্ষেত্ৰত বেলেগতকৈ ছলমান সদাই এখোজ আগত থাকে বুলিও তেওঁ উল্লেখ কৰে।

উল্লেখ্য যে বাবা ছিদ্দিকৰ এই টুইট ভাইৰেল হৈ পৰাত পুনৰ এবাৰ অনুৰাগীসকলৰ মন জয় কৰাৰ লগতে ছলমানক প্ৰশংসাৰে উপচাই তোলে।

কিছু অনুৰাগীয়ে তেওঁক ৰিয়েল হিৰ’ বুলি কোৱাৰ লগতে একাংশই প্ৰচাৰ অবিহনেই এইদৰে সহায় কৰা কাৰ্যক প্ৰশংসা কৰে।

উল্লেখ্য যে, ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে দেশত লকডাউন ঘোষণা কৰাত আৰ্থিক সংকটত পৰিছিল বলিউদ ইণ্ডাষ্ট্ৰিৰ প্ৰায় ২৫ হাজাৰ দৈনিক মজুৰিৰ কৰ্মচাৰী। এই কথা জানিব পাৰি ছলমানে ২৫ হাজাৰ কৰ্মচাৰীক আৰ্থিকভাৱে সহায় কৰিছিল।

Related News