NORTHEAST NOW (Assamese)

সুন্দৰী অভিনেত্ৰী পূজা হেগড়েৰ সৈতে চালমান খানৰ ৰোমাঞ্চ

February 12, 2020 5:35 pm · এন ই নাও নিউজ

চলিত বছৰৰ ঈদত বক্স অফিচত খলকনি তোলাৰ আশাৰে মুক্তি লাভ কৰিব চালমান খান অভিনীত বিগ বাজেটৰ ছবি ‘কভি ঈদ কভি দীৱালী’।

বহু প্ৰতিক্ষিত ছবিখনত চালমান খানৰ বিপৰীতে প্ৰথমবাৰৰ বাবে অভিনয় কৰিব ‘হাউছফুল ৪’ৰ জৰিয়তে জনপ্ৰিয়তা অৰ্জন কৰা অভিনেত্ৰী পূজা হেগড়েই।

মুম্বাই মিৰৰত দিয়া এক সাক্ষাতত এই কথাৰ নিশ্চিতি প্ৰদান কৰি ছবি নিৰ্মাতা চাজিদ নাডিয়াদৱালাই কয়, ‘ছবিখনৰ বাবে পূজা হেগড়ে পাৰ্ফেক্ট। পূজা আৰু চালমান খানৰ যুটীয়ে ছবিখনক এক নতুন মাত্ৰা প্ৰদান কৰিব’।

একশ্যন আৰু হাস্যকৰধৰ্মী এই ছবিখনে অক্টোবৰ মাহত মুক্তি লাভ কৰিব বুলি জানিব পৰা গৈছে।

কভি ঈদ কভি দীৱালীৰ ৰচনা আৰু নিৰ্মাতা চাজিদ নাডিয়াদৱালাৰ আৰু পৰিচালনা হৈছে ফাৰহাদ চামজিৰ।

ছবিখন সন্দৰ্ভত চাজিদে পি টি আইক জনোৱা মতে, ‘কিক ২ ছবিখনৰ পূৰ্বেই এই ছবিখন লিখাৰ কাম আৰম্ভ কৰিছিলো। চালমান আৰু মই ছবছৰৰ মূৰত একেলগে কাম কৰিছো। ছবিখনত চালমানক আমি এক বেলেগ ৰূপত অৱতীৰ্ণ কৰোৱাম আৰু দৰ্শকে নিশ্চয় বেলেগ আমেজ পাব’।

জানুৱাৰি মাহতে চালমানে নিজৰ টুইটাৰৰ জৰিয়তে এই ছবিখনৰ বিষয়ে ৰাজহুৱা কৰিছিল। তেওঁ টুইটটোত লিখিছিল, ‘মোৰ পৰৱৰ্তী ছবি কভি ঈদ কভি দীৱালী…ছবিখনৰ ষ্টৰি আৰু নিৰ্মাতা চাজিদ নাডিয়াদৱালাৰ… পৰিচালক ফাৰহাদ চামজিৰ… ঈদ ২০২১..’।

ইফালে চালমান খানৰ পৰিৱৰ্তী ছবিখনৰ বাবে আগতীয়াকৈ টুইটযোগে শুভেচ্ছা জ্ঞাপন কৰিছে খিলাড়ী কুমাৰ অক্ষয় কুমাৰে।

Related News