• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসমত বন্ধ হ’ব মাদ্ৰাছা আৰু সংস্কৃত টোল

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 12, 2020 5:57 pm
Himanta

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত অতি সোনকালে চৰকাৰী মাদ্ৰাছা আৰু সংস্কৃত টোলসমূহ বন্ধ কৰা হ’ব বুলি ঘোষণা কৰিছে শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

বুধবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এক চৰকাৰী অনুষ্ঠানত অংশগ্ৰহণ কৰি এই ঘোষণা কৰিছে মন্ত্ৰীগৰাকীয়ে।

Apply Now

তেওঁ কয়, ‘অসমত চৰকাৰী মাদ্ৰাছা আৰু সংস্কৃত টোলসমূহ বন্ধ কৰা হ’ব। কাৰণ আৰবিক ভাষা শিকোৱা বা অন্য ভাষা শিকোৱা বা ধৰ্মগ্ৰন্থ শিকোৱা চৰকাৰৰ কাম নহয়।‘

ইপিনে, অতি সোকনকালে চৰকাৰী মাদ্ৰাছা আৰু সংস্কৃত টোলসমূহ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ ৰূপান্তৰিত কৰা হ’ব বুলিও তেওঁ ঘোষণা কৰি কয়, ‘নিজৰ পইছা দি ধৰ্মীয় শিক্ষা শিকোৱাটো বেলেগ কথা, ৰাষ্ট্ৰৰ টকাৰে ধৰ্ম গ্ৰন্থ শিকালে বিদ্যালয়ত গীতাও শিকাব লাগিব, বাইবেলো শিকাব লাগিব।‘

‘মাদ্ৰাছা, হাই মাদ্ৰাছা আৰু সংস্কৃত টোল অহা ৪-৫ মাহৰ ভিতৰত বন্ধ কৰি দিম।‘ হিমন্তই এইদৰে কয়।

অৱশ্যে. মাদ্ৰাছা আৰু সংস্কৃত টোলত ধৰ্মীয় বিষয় পঢ়োৱা শিক্ষকসকলে ঘৰত বহিয়েই অৱসৰৰ পৰ্য্যন্ত দৰমহা লৈ থাকিব পাৰিব বুলি তেওঁ সদৰী কৰে।

হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এ আই য়ু ডি এফে। এ আই য়ু ডি এফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে এই ঘোষণাক ‘ভূতৰ মুখত ৰাম নাম’ আখ্যা দিয়ে।

‘ধৰ্ম নিৰপেক্ষতা দেখুৱাবলৈ গৈ তেওঁলোকে সংস্কৃত টোল আৰু মাদ্ৰাছা উঠাই দিব বিচাৰিছে। সংস্কৃত সকলোতকৈ পুৰণি ভাষা। সংস্কৃত টোল বন্ধ কৰাৰ পক্ষত আমি নাই।‘ আমিনুলে এইদৰে কয়।

তদুপৰি, ‘আগতে থকা হাইস্কুলকেইখন ভাল কৰক আৰু প্ৰাদেশিকৰণ কৰি লওঁক‘ বুলি দাবী জনাই আমিনুলে লগতে কয় ‘চৰকাৰী বিদ্যালয়ৰ প্ৰতি ৰাইজৰ আস্থা নোহোৱা হৈছে। সংস্কৃত টোল বন্ধ কৰিব বিচাৰিছে ইয়াৰ অৰ্থ এইটোৱেই যে তেওঁলোকৰ উদ্দেশ্যটো বেয়া। কি কথা ক’লে হুলস্থুল বেছি হ’ব বা সামাজিকভাৱে দণ্ডৰ সৃষ্টি হ’ব, সেই খেলটো তেওঁলোকে ভালকৈ জানে। উন্নয়নৰ কথা তেওঁলোকে ক’ব নিবিচাৰে।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

July 7, 2026 3:00 pm
ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

July 7, 2026 2:43 pm
৫,২৭৯ কোটি টকীয়া ৰিং ৰোড প্ৰকল্পৰ বাবে উচ্ছেদৰ ভাবুকি! ক্ষতিপূৰণ আৰু পৰিৱেশ ধ্বংসৰ আশংকাত উত্তাল উত্তৰ কামৰূপ আৰু সোণাপুৰ

৫,২৭৯ কোটি টকীয়া ৰিং ৰোড প্ৰকল্পৰ বাবে উচ্ছেদৰ ভাবুকি! ক্ষতিপূৰণ আৰু পৰিৱেশ ধ্বংসৰ আশংকাত উত্তাল উত্তৰ কামৰূপ আৰু সোণাপুৰ

July 7, 2026 2:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

July 7, 2026 3:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd