NORTHEAST NOW (Assamese)

মুম্বাইত ২৮ জুনৰ পৰা খুলিব চেলুন আৰু বিউটি পাৰ্লাৰ

June 26, 2020 1:34 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

মুম্বাইৰ ৰেড জ’নৰ চেলুন আৰু বিউটি পাৰ্লাৰ সমূহ নিৰ্দিষ্ট নিয়মৰ মাজেৰে ২৮ জুনৰ পৰা খোলাৰ নিৰ্দেশ দিছে মহাৰাষ্ট্ৰৰ উদ্ধৱ থাকৰে নেতৃত্বাধীন চৰকাৰে।

মহাৰাষ্ট্ৰ চৰকাৰে জাৰি কৰা নিৰ্দেশনা অনুসৰি চেলুন আৰু বিউটি পাৰ্লাৰ সমূহক কেবল মাত্ৰ চুলি কটা, ৱাক্সিং, থ্ৰেদিং আদি কৰাৰ বাবেহে অনুমতি প্ৰদান কৰা হৈছে।

চেলুন আৰু বিউটি পাৰ্লাৰ সমূহত কোনোধৰণৰ ছালৰ লগত সম্পৰ্ক থকা সেৱা আগবঢ়াব নোৱাৰিব।

চৰাকৰে চেলুন আৰু বিউটি পাৰ্লাৰ সমূহক গ্ৰাহক সকলৰ আগতীয়া অনুমতি লৈহে সেৱা আগবঢ়োৱাৰ বাবেও পৰামৰ্শ দিছে।

উল্লেখযোগ্য যে, ক’ৰ’নাৰ সংক্ৰমণ ৰোধৰ বাবে ঘোষণা কৰা ল’কডাউনৰ পাছৰে পৰা মুম্বাইৰ যিবোৰ অঞ্চলত ক’ৰ’নাৰ সংক্ৰমণ অত্যাধিক হৈছে সেই সমূহ স্থানত চেলুন আৰু বিউটি পাৰ্লাৰ সমূহ বন্ধ হৈ আছিল।

ভাৰতৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক সংখ্যক লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।

মহাৰাষ্ট্ৰতে ক’ৰ’না আক্ৰান্ত লোকৰ সংখ্যাই ১ লাখ ৩০ হাজাৰ অতিক্ৰম কৰিছে।

ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মহাৰাষ্ট্ৰত ৩০ গৰাকীতকৈ অধিক আৰক্ষী বাহিনীৰ লোকৰ মৃত্যু হৈছে।

Related News