নিষ্কন্টক যোগী! উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে অখিলেশ যাদৱে

WhatsApp Image 2021-11-01 at 2.47.17 PM

অখিলেশ যাদব।

Akhilesh Yadav not to contest Assembly polls ২০২২চনত অনুষ্ঠিত হ’বলগীয়া উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত ৰাজ্যখনৰ বিৰোধী দল সমাজবাদী পাৰ্টিৰ ৰাষ্ট্ৰীয় সম্পাদক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদবে প্ৰতিদ্বন্দ্বিতা নকৰে।

সোমবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদবে এই কথা ঘোষণা কৰিছে। বৰ্তমান তেওঁ আজমগড়ৰ সাংসদ।

ইপিনে, অহা বছৰৰ বিধানসভা নিৰ্বাচনত অখিলেশক তেওঁৰ দলে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে তুলি ধৰিব বিচাৰিছিল। কিন্তু দলীয় নেতা-কৰ্মীৰ আশাত চেঁচাপানী ঢালি তেওঁ প্ৰতিদ্বন্দ্বিতা নকৰাৰ কথা ঘোষণা কৰিলে।

অখিলেশে লগতে আৰএলডি’ৰ সৈতে সমাজবাদী পাৰ্টিৰ মিত্ৰতা চূড়ান্ত হোৱাৰ কথাও উল্লেখ কৰে। ইয়াৰ পাছত দুয়োটা দলৰ মাজত আসন বুজাবুজিক লৈ আলোচনা চলিব।

Also Read: জিন্নাক গান্ধী-পেটেলৰ সৈতে একেশাৰীত ৰাখিলে অখিলেশ যাদৱে,ক’লে “স্বাধীনতাৰ বাবে একেলগে যুঁজিছিল তেওঁলোকে”

স্বাভাৱিকতে অখিলেশৰ ঘোষণাই ৰাজ্যখনত নতুন ৰাজনৈতিক সমীকৰণৰ সৃষ্টি কৰিছে। পূৰ্বতে বিজেপি বিৰোধী আঞ্চলিক দলবোৰৰ সৈতে মিত্ৰতাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছিল সমাজবাদী পাৰ্টিৰ মুৰব্বী গৰাকীয়ে।

আজি সংবাদমাধ্যমৰ আগত আৰএলডিৰ সৈতে মিত্ৰতাৰ কথা ঘোষণা কৰে। কিন্তু নিজে কিয় প্ৰতিদ্বন্দ্বিতা নকৰে সেই বিষয়ে মুখ নুখুলিলে।  

উত্তৰ প্ৰদেশৰ নিৰ্বাচনঈ যুঁজত যাদবসকলৰ ডাঙৰ ভূমিকা আছে। বৰ্তমান ৰাজ্যখনৰ বিৰোধী দল হিচাপে আছে সমাজবাদী পাৰ্টি।

Also Read: Facebook bans Taslima Nasreen ফেচবুকত ৭দিনৰ বাবে নিষিদ্ধ তচলিমা নাচৰিণ; কিহৰ বাবে ল’লে এই সিদ্ধান্ত?

ৰাজ্যখনত যোগী আদিত্যনাথ চৰকাৰৰ বিৰুদ্ধে যোগ্য প্ৰত্যুত্তৰ দিয়াৰ শক্তি আছে সমাজবাদী পাৰ্টিৰ। সেইদৰে দলৰ প্ৰধান মুখ হৈছে অখিলেশ যাদব। পূৰ্বে দুবাৰ তেওঁ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী আছিল।

কিন্তু হঠাতে নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাৰ পৰা নিজকে অঁতৰাই নিয়াৰ ঘোষণাই সমাজবাদী পাৰ্টিৰ বাবে এক বৃহৎ আঘাত হিচাপে বিবেচিত হৈছে।

উল্লেখ্য যে কৰ’না পৰিস্থিতিৰ মাজতে উত্তৰ প্ৰদেশৰ পঞ্চায়ত নিৰ্বাচন তথা স্থানীয় পৰ্যায়ত একাধিক নিৰ্বাচনত বিজেপিক তীব্ৰ প্ৰত্যাহ্বান জনাইছিল অখিলেশৰ সমাজবাদী পাৰ্টিয়ে।

Also Read: Dare to Rebel সেনা বাহিনীত যোগ নিদিয়াৰ বাবে তিনিবাৰকৈ জে’ললৈ যাবলগীয়া হ’ল ইজৰাইলৰ যুৱতী

অখিলেশৰ নিজকে প্ৰতিদ্বন্দ্বিতাৰ পৰা অঁতৰাই নিয়াৰ ঘোষণাই উত্তৰ প্ৰদেশত যোগী আদিত্যনাথৰ বিজয় পথ মসৃন কৰি তুলিব পাৰে বুলিও চৰ্চা আৰম্ভ হৈছে।