NORTHEAST NOW (Assamese)

নাগাৰ লগত বিচ্ছেদ অতীত! বহুদিনৰ মূৰত এক নতুন অধ্যায় আৰম্ভ কৰিলে সামন্থাই

December 12, 2023 11:44 am · এন ই নাও নিউজ, গুৱাহাটী

অভিনেত্ৰী সামন্থা ৰুথ প্ৰভুক লৈ চৰ্চাৰ অন্ত নাই। যোৱা দুবছৰত অভিনেত্ৰীগৰাকীৰ জীৱন সম্পূৰ্ণৰূপে সলনি হৈছে। ‘পুষ্পা’ৰ পিছত তেওঁৰ কেৰিয়াৰে বিপুল সফলতা লাভ কৰিলেও তেওঁৰ ব্যক্তিগত জীৱনত ইটোৰ পিছত সিটোকৈ ধুমুহাৰ সৃষ্টি হৈছে।

নাগা চৈতন্যৰ লগত বিয়া হৈ চাৰি বছৰ কটালে, তাৰ আগতেও দুয়ো বহুদিন একেলগে বাস কৰিছিল। কিন্তু ২০১৭ চনত বিবাহৰ পিছত জটিলতা বাঢ়িবলৈ ধৰে। অৱশেষত দুইপক্ষই বিয়া ভাঙিবলৈ সিদ্ধান্ত ল’লে।

বিবাহ বিচ্ছেদে সামান্থাক যে বহুত কষ্ট দিছে সেয়া পিছৰ পৰিঘটনাবোৰত স্পষ্ট হৈ পৰে। বিবাহ বিচ্ছেদ হোৱাৰ পিছত সামান্থাৰ মাইঅ’চাইটিছ ধৰা পৰে। তেওঁ বহুদিন শাৰীৰিক যন্ত্ৰণাৰ মাজেৰে পাৰ হ’বলগীয়া হৈছিল।

কিন্তু যোৱা কেইমাহমানৰ পৰা সামান্থাই কাম কমাই নিজৰ সৈতে প্ৰকৃতিৰ মাজত সময় কটাবলৈ ধৰিছে। বিদেশতো ঘুৰি ফুৰিছে। তাৰমাজতে এইবাৰ অভিনেত্ৰীগৰাকীয়ে দিলে এক নতুন ভাল খবৰ।

সামান্থাই নিজাকৈ এটা প্ৰডাকচন কোম্পানী খুলিলে। এইবাৰ তেওঁক কেৱল অভিনেত্ৰী হিচাপেই নহয় প্ৰযোজক হিচাপেও দেখা যাব। প্ৰডাকচন কোম্পানীটোৰ নাম ‘ট্ৰালালা মুভিং পিকচাৰ্ছ’। তেওঁ লগতে কয় যে তেওঁৰ কোম্পানীয়ে বৰ্তমান হায়দৰাবাদৰ ‘মণ্ডৱা মিডিয়া ৱৰ্কছ’ নামৰ এটা মনোৰঞ্জন কোম্পানীৰ সৈতে কাম কৰি আছে।

শেহতীয়াকৈ নিজৰ কোম্পানীটোৰ ল’গ’ উন্মোচন কৰি অভিনেত্ৰীগৰাকীয়ে লিখিছে, ‘আমাৰ মিছন হৈছে পৰিচালকসকলক অৰ্থপূৰ্ণ, অনন্য আৰু সাৰ্বজনীন কাহিনী কোৱাৰ বাবে সঠিক মঞ্চ প্ৰদান কৰা।’

জীৱনৰ বেদনাদায়ক দুবছৰৰ কথা কবলৈ গৈ শেহতীয়াকৈ সামান্থাই কয়, ‘যেতিয়া কঠিন সময় আহিল, মোৰ বিবাহ বিচ্ছেদ হ’ল, মোৰ কেৰিয়াৰ আৰু ব্যক্তিগত জীৱন একে সময়তে প্ৰভাৱিত হ’ল। এই দুবছৰত কিমান কষ্ট সহ্য কৰিছো কোনেও সঠিককৈ নাজানে। গুৰুতৰ বেমাৰৰ পৰা উভতি অহা অভিনেতাসকল, এই সময়ছোৱাত মই তেওঁলোকৰ বিষয়ে পঢ়িছিলোঁ। সেই সকলোবোৰ কাহিনীয়ে মোক সেই সময়ত অনুপ্ৰাণিত কৰিছিল।‘

সেই দিনবোৰ এতিয়া পাৰ হৈ গ’ল। এতিয়াৰ বাবে নিজকে বহুখিনি প্ৰস্তুত কৰি তুলিছে অভিনেত্ৰীগৰাকীয়ে। 

Related News