NORTHEAST NOW (Assamese)

বছৰেকীয়া দুৰ্য্যোগৰূপী বানত ককবকাই আছে চামগুৰিৰ লাওখোৱাবাসীয়ে

July 11, 2019 8:22 pm · ভাৰ্গব হাজৰিকা

সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত লাওখোৱাত বানপানীয়ে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। চামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত ৪ নং ভগামুখৰ ৰাইজ এতিয়া সম্পূৰ্ণৰূপে বানৰ কবলত।

৪ নং ভগামুখত থকা ২নং ভগামুখ প্ৰাথমিক বিদ্যালয়খন বানৰ কবলত পৰাৰ লগতে ভগামুখৰ প্ৰায় তিনিহাজাৰৰো অধিক লোক এতিয়া জলমগ্ন হৈ পৰিছে। বৰ্তমান ৪ নং ভগামুখৰ তিনি শতাধিক পৰিয়ালে চৰম শংকাৰ মাজত দিন কটাইছে।

মন কৰিবলগীয়া যে বিগত দুদিন ধৰি চামগুৰিৰ ভগামুখত বান পৰিস্থিতি অব্যাহত আছে যদিও বৰ্তমান পৰ্যন্ত জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ নিচেই কাষৰীয়া অঞ্চলটোত জলসম্পদ বিভাগৰ কোনো বিষয়া-কৰ্মচাৰী উপস্থিত হোৱা নাই বুলি বানাক্ৰান্ত ৰাইজে অভিযোগ কৰিছে।

বৰ্তমান বানাক্ৰান্ত স্থানীয় ৰাইজে সম্পূৰ্ণৰূপে অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত জীৱন-যাপন কৰিবলগীয়া হৈছে। নাৱেৰে একাংশ লোক নিৰাপদস্থানলৈ আঁতৰি গৈছে যদিও বহুলোক বানপানীৰ মাজতে থাকিবলগীয়া হৈছে। ইফালে আজি বিয়লিলৈ লাওখোৱাৰ বান পৰিস্থিতি অধিক অৱনতি ঘটিছে বুলি জানিব পৰা গৈছে।

ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যলৈ যোৱা পকী পথটো ছিঙি পেলোৱাত বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ সৈতে সম্পূৰ্ণৰূপে সংযোগ বিচ্ছিন্ন হৈ পৰিছে।

পৰৱৰ্তী দিনবোৰত অধিক বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলস্তৰ যদি অঞ্চলটোত পুনৰ বৃদ্ধি পাই তেনে অনাকাংক্ষিত বিপদত পৰাৰ শংকা প্ৰকাশ কৰিছে চামগুৰিৰ নৈ পৰীয়া বন্যাৰ্ত ৰাইজে।

Related News