‘ঘোষিত বিদেশী’, অৱসৰপ্ৰাপ্ত সেনা বিষয়া ছানাউল্লাহক চাকৰিৰ পৰাও অব্যাহতি

Sona Ullah

“ঘোষিত বিদেশী” তথা বৰ্তমান গোৱালপাৰা ডিটেনশ্যন কেম্পত ৰখা তথা প্ৰাক্তন সেনা বিষয়া ছানাউল্লাহক আজি চাকৰিৰ পৰা অব্যাহতি দিয়ে। অসম আৰক্ষীৰ সীমান্ত শাখাৰ বিশেষ সঞ্চালক প্ৰধানৰ কাৰ্যালয়ে BOO 463 নম্বৰৰ এক নিৰ্দেশন জৰিয়তে ছানাউল্লাহক চাকৰিৰ পৰা অব্যাহতি দিয়ে।

ভাৰতীয় সেনা বাহিনীৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত ছানাউল্লাহে বাইহাটা আৰক্ষী থানাত সীমান্ত শাখাৰ উপ পৰিদৰ্শক হিচাপে যোগদান কৰি কৰ্মৰত আছিল।

“ঘোষিত বিদেশী” তথা বৰ্তমান গোৱালপাৰা ডিটেনশ্যন কেম্পত ৰখা তথা প্ৰাক্তন সেনা বিষয়া ছানাউল্লাহক বিদেশী ন্যায়াধীকৰণৰ আদেশ মৰ্মে অসম আৰক্ষীয়ে ২৮ মে’ত কামৰূপ জিলাৰ বকোৰ নিজৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে।

১৯৬৭ চনত বকোত জন্মগ্ৰহণ কৰা ছানাউল্লাহে ১৯৮৭ চনত ভাৰতীয় সৈন্য বাহিনীত যোগদান কৰাৰ পাছত ৩০ বছৰ দেশৰ হৈ সেৱা আগবঢ়াই ২০১৭ চনত সন্মানীয় কেপ্তেইন পদত অধিস্থিত হৈ অৱসৰ গ্ৰহণ কৰে। ২০১৪ চনত তেওঁ জুনিয়ৰ কমিশ্যনাৰ অফিচাৰ হিচাপে পদোন্নতি লাভ কৰাৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা প্ৰমাণ পত্ৰও লাভ কৰে।

ভাৰতীয় সেনা বাহিনীৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত ছানাউল্লাহে অসম আৰক্ষীৰ সীমা শাখাত উপ পৰিদৰ্শক হিচাপে যোগদান কৰে।