মেটাৰ নতুন ভাৰতীয় মুৰব্বী হিচাপে নিযুক্ত সন্ধ্যা দেবনাথন

Sandhya Devanathan ফেচবুকৰ মূল প্ৰতিষ্ঠান মেটাই (Meta) সন্ধ্যা দেবনাথনক ভাৰতৰ নতুন মুৰব্বী হিচাপে নিযুক্তি দিছে।ইয়াৰ আগতে ২০২০ এপ্ৰিলৰ পৰা সন্ধ্যা দেবনাথন মেটাৰ এছিয়া পেচিফিক ৰিজিয়ন (গেমিং)ৰ ভাইচ প্ৰেছিডেন্ট হিচাপে নিযুক্ত হৈ আছিল।

সন্ধ্যাৰ বেঙ্কিং, বিত্তীয় আৰু প্ৰযুক্তি খণ্ডত ২২ বছৰৰ কামৰ অভিজ্ঞতা আছে।

দিল্লী বিশ্ববিদ্যালয়ৰ সন্ধ্যাই ২০০০ চনত এমবিএ সম্পূৰ্ণ কৰিছিল। ২০১৬ চনত তেওঁ সন্ধ্যাই মেটাত যোগদান কৰে। তেওঁ ছিংগাপুৰ আৰু ভিয়েটনামত মেটাৰ ব্যৱসায়িক কাৰ্যকলাপৰ সহযোগিতা আৰু দক্ষিণ-পূব এছিয়াত মেটাৰ ই-কমাৰ্চ উদ্যোগকলৈ কাম কৰিছে।

সন্ধ্যা দেবনাথন।

উল্লেখ্য যে মেটাৰ ভাৰতৰ মুৰব্বী পদৰ পৰা অজিত মোহনে পদত্যাগ কৰাৰ এদিন পিছতে বৃহ স্পতিবাৰে বৃহৎ ছচিয়েল মিডিয়া প্লেটফৰ্মটোৱে সন্ধ্যা দেবনাথনক নিযুক্তি দিয়াৰ কথা ঘোষণা কৰে। মেটাৰ অধীনত আছে ফেচবুক, ইনষ্টাগ্ৰাম আৰু হোৱাটছএপ।