কিডনিৰ জটিল ৰোগত আক্ৰান্ত পুৰণিগুদামৰ মেধাৱী ছাত্ৰী সংঘমিত্ৰা গায়ন; ৰাজ্যবাসীক সহায়ৰ আহ্বান

ফটো : নৰ্থ-ইষ্ট নাও

নগাঁও জিলাৰ পুৰণিগুদামস্থিত পথাৰআগ চাৰিআলিৰ বাসিন্দা লক্ষ্য জ্যোতি গায়ন আৰু প্ৰয়াত চুমি গায়নৰ জীয়ৰী তথা চাৰিআলি হেম বৰুৱা এম.ভি. স্কুলৰ চতুৰ্থ মান শ্ৰেণীৰ মেধাৱী ছাত্ৰী সংঘমিত্ৰা গায়ন আক্ৰান্ত হৈছে কিডনীৰ এক জটিল ৰোগত।

অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী গৰাকী যোৱা ৩০ ছেপ্তেম্বৰত অসুস্থ হৈ পৰাৰ পিছত পৰিয়ালে চিকিৎসাৰ ব্যৱস্থা কৰে।

ইয়াৰ পিছত চিকিৎসকৰ পৰামৰ্শ মতে ঔষধ খাই কোনো ধৰণৰ সুস্থ নোহোৱাত পিছত গুৱাহাটীৰ চিকিৎসকৰ পৰামৰ্শ মতে স্বাস্থ্যৰ বহু পৰীক্ষা কৰাৰ অন্তত কণমানিজনী কিডনিৰ এক জটিল ৰোগত আক্ৰান্ত হোৱাৰ কথা জানিব পাৰে।

চিকিৎসকে অতি শীঘ্ৰে অস্ত্ৰোপ্ৰচাৰ কৰিব লাগিব বুলি পৰামৰ্শ দিয়াৰ লগতে আনুমানিক প্ৰায় পাঁচ লাখ টকা খৰছ হ’ব বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকক।

এই খবৰ লাভ কৰি দৰিদ্ৰ পৰিয়ালটোৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হয়।

দিন হাজিৰা কৰি কোনোমতে পৰিয়াল পোহপাল দিয়া লক্ষ্য জ্যোতি গায়নৰ পৰিয়ালৰ কণমানি গৰাকীৰ এনে জটিল ৰোগৰ বাবে পৰিয়ালটোলৈ ঘোৰ অমানিশা নামি আহে।

অসুস্থ ছাত্ৰী গৰাকীৰ আঠ মাহ বয়সতে মাতৃৰ মৃত্যু হোৱাৰ পিছত পিতৃ আৰু ককা-আইতাকে ছাত্ৰী গৰাকীক ডাঙৰ কৰিছিল।

বৰ্তমান সময়ত মেধাৱী ছাত্ৰী গৰাকীৰ শাৰীৰিক অসুস্থতাৰ বাবে চিন্তিত হৈ পৰা পৰিয়ালটোৱে অসমৰ ৰাইজৰ পৰা সহায় বিচৰাৰ লগতে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক চিকিৎসাৰ ব্যৱস্থা কৰি কণমানি জনীক সুস্থ কৰি তুলিবলৈবলৈ আহ্বান জনাইছে অভিভাৱক কেইজনে।

কণমানি জনীৰ পৰিয়ালৰ লোকক ৭০৮৬৭৬১৮৬৯ ফোন নম্বৰত যোগাযোগ কৰি পেহীয়েক ববী গায়নৰ নামত য়ুনাইটেড বেংক অফ ইণ্ডিয়াৰ চলচলি শাখাত থকা একাউণ্ট নম্বৰ ৭২৩৯০১০০৩৩৫৩০ আৰু IFSC : UTBI0RRBAGBত সদাশয় ইচ্ছুক দয়াৱান লোকে পাৰ্য্যমানে ধনৰাশি জমা কৰি কণমানিজনী সুস্থ হৈ উঠাৰ কামনাৰে সহায়ৰ হাত আগবঢ়াবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছে।