২৫ অক্টোবৰৰ পৰা ধাৰাবাহিক আন্দোলনৰ ঘোষণা সদৌ অসম সংযোগী শিক্ষা কৰ্মী সন্থাৰ

4fc6e56c-a645-42ad-94d5-3b15f43f74d0-750x375

সংযোগী শিক্ষা কৰ্মীৰ আন্দোলন। ফাইল ফটো

শিক্ষা কৰ্মীসকলৰ স্থায়ী নিযুক্তিৰ ক্ষেত্ৰত শিক্ষা বিভাগে কৰি অহা চৰম অৱহেলাৰ প্ৰতিবাদত অহা ২৫ অক্টোবৰত জনতা ভৱন চলো কাৰ্যসূচী হাতত লৈছে সংযোগী শিক্ষা কৰ্মীসকলে। সদৌ অসম সংযোগী শিক্ষা কৰ্মী সন্থাই এটা বিবৃতিযোগে এই কথা জনাইছে।

শিক্ষা বিভাগে প্ৰতিশ্ৰুতি দিয়া অনুসৰি কাৰ্যকৰী পদক্ষেপ নোলোৱাৰ বাবেই সদৌ অসম সংযোগী শিক্ষা কৰ্মী সন্থাই পুনৰ আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে।

অহা ২৫ অক্টোবৰত জনতা ভৱন চলো কাৰ্যসূচীৰ উপৰি ৩১ অক্টোবৰত সন্থাই শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ঘৰ ঘেৰাও কৰিব। এই প্ৰতিবাদৰ ফলতো যদি চৰকাৰৰ গা নল’ৰে তেন্তে ৬ নৱেম্বৰত ৰাজভৱনৰ সন্মুখত আত্মজাহৰ দৰে চৰম পন্থা অৱলম্বন কৰিব বুলি সন্থাই বিবৃতিযোগে প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ আমোলত নিযুক্তিপ্ৰাপ্ত প্ৰায় ৭৫০০ শিক্ষা কৰ্মীয়ে ২০০৫ চনৰ পৰা ২০১২ চনলৈ নিৰ্দিষ্ট পাৰিতোষিক লাভ কৰি আহিছিল। ২০১৬ চনৰ ২৩  ফেব্ৰুৱাৰিত তদানীন্তন শিক্ষা মন্ত্ৰী শৰৎ বৰকটকীৰ উপস্থিতিত দিচপুৰত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকত শিক্ষাকৰ্মীসকলক প্ৰাক্‌ প্ৰাথমিক শিক্ষকপদত নিযুক্তিৰ প্ৰস্তাৱ লোৱা হৈছিল।

ইপিনে, ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিতভাৱে কংগ্ৰেছ চৰকাৰে নিযুক্তি দিয়াৰ অভিযোগ তুলি বৰ্তমানৰ চৰকাৰে শিক্ষা কৰ্মীসকলক অৱজ্ঞা কৰিছে।

আনহাতে, চৰকাৰে শিক্ষা কৰ্মীসকলৰ বাবে বিশেষ টে’ট অনুষ্ঠিত কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু এই প্ৰতিশ্ৰুতিসমূহ পূৰণ নোহোৱাত শিক্ষা কৰ্মীসকলে ধাৰাবাহিক আন্দোলনৰ কথা ঘোষণা কৰিছে।