বঙাইগাঁৱত ‘সংকল্প’ কৰ্মশালা সম্পন্ন

অসম দক্ষতা বিকাশ মিছনৰ উদ্যোগত আৰু বঙাইগাঁও জিলা প্ৰশাসনৰ সহযোগত বঙাইগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এখনি কৰ্মশালা অনুষ্ঠিত হৈ যায়।

জিলা উন্নয়ন আয়ুক্ত ভাস্কৰ দাসে এই কৰ্মশালাখনি বন্তি প্ৰজ্বলনেৰে শুভ উদ্বোধন কৰে।

অসম ৰাজ্যিক দক্ষতা বিকাশ মিছনৰ সহকাৰী আঁচনি প্ৰবন্ধক মহম্মদ পিংকু চৌধুৰী,বঙাইগাঁও কলেজৰ অধ্যক্ষা ৰূপাঞ্জলি দেৱী,বঙাইগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া আমীৰ হুছেইন,অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা মিছনৰ বঙাইগাঁও গোটৰ জিলা প্ৰকল্প প্ৰবন্ধক প্ল’ৰাজ মুছাহাৰী,বঙাইগাঁও আই টি আইৰ অধ্যক্ষ ৰাজু গোপাল আৰু মহাত্মা গান্ধী ৰাষ্ট্ৰীয় ফেল’,বঙাইগাঁও গোটৰ শীতাংশু কুমাৰ আৰু মহাত্মা গান্ধী ৰাষ্ট্ৰীয় ফেল’, চিৰাং গোটৰ পৌলোমী দে তথা আন আন বিষয়ববীয়াৰ উপস্থিতিত তথা আই টি আইৰ ছাত্ৰ-ছাত্ৰীৰ লগতে বঙাইগাঁও কলেজৰ ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণেৰে অনুষ্ঠিত এই কৰ্মশালাত কেবাগৰাকীও বক্তাই বক্তব্য ৰাখে৷

সভাৰ উদ্দেশ্য ব্যাখ্যাৰ লগতে কৰ্মশালাখনিত মূল বক্তা হিচাপে মহম্মদ পিংকু চৌধুৰীয়ে উপস্থিত ছাত্ৰ-ছাত্ৰীসকলক দক্ষতা বিকাশ সন্দৰ্ভত সাৰগৰ্ভ ভাষণ দিয়ে।

তেওঁ কয় যে আজিৰ আধুনিক পৃথিৱীত পঢ়া-শুনা কৰি চাকৰি বিচাৰি হতাশ নহৈ জীৱনত নিজৰ মাজত লুকাই থকা সম্ভাৱনীয়তাক বিকশিত কৰাই হ’ল দক্ষতা বিকাশ মিছনৰ উদ্দেশ্য।

এজন ল’ৰা বা ছোৱালীয়ে পঢ়া-শুনা নকৰিলেও তেওঁৰো কিবা ক্ষেত্ৰত সম্ভাৱনীয়তা থাকিব পাৰে।সেই সম্ভাৱনীয়তাক বিকশাই তুলি জীৱিকা হিচাপে গ্ৰহণ কৰিব পৰা যায়।

ইয়াৰ বাবে হয়তো কোনো প্ৰশিক্ষণ বা দিহা-পৰামৰ্শৰ প্ৰয়োজন। সহকাৰী আঁচনি প্ৰবন্ধক পিংকু চৌধুৰীয়ে তেওঁৰ ভাষণত লগতে কাপোৰ ডিজাইনিং, ফটোগ্ৰাফী, মেকআপ, এনকৰিং, বক্তৃতা আদি বিভিন্ন ক্ষেত্ৰত সফল কেবাগৰাকীও লোকৰ উদাহৰণেৰে অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীসকলক দক্ষতা বিকাশৰ জৰিয়তে জীৱিকা নিৰ্বাহৰ বিষয়ে সজাগ কৰে।

আনকি আজিৰ যুগত ফেচবুকৰ জৰিয়তেও বহু কথা শিকি জীৱিকাৰ কৌশল আহৰণ কৰিব পাৰি য’ত নেকি ফেচবুক ব্যৱহাৰ কৰাটো ক্ষতিকাৰক বুলি ভবা হয়।

গতিকে ছাত্ৰ-ছাত্ৰীসকলে চৰকাৰী চাকৰি নাপালেও হতাশ হোৱাৰ প্ৰয়োজন নাই বুলি কয় ৷ এই দক্ষতা বিকাশ সজাগতা কৰ্মশালা”সংকল্প” অৰ্থাৎ Skill Acquisition of Livelihood Knowledge Awareness চমুকৈ SANKALP কৰ্মশালাত শিক্ষা বিষয়া আমীৰ হুছেইন, বঙাইগাঁও কলেজৰ অধ্যক্ষা ৰূপাঞ্জলি দেৱী আৰু আই টি আই অধ্যক্ষ ৰাজু গোপাল আৰু দক্ষতা বিকাশ বিভাগৰ বিষয়ববীয়া ছফিকুল ইছলামেও বক্তব্য ৰাখে।