NORTHEAST NOW (Assamese)

বুলগেৰিয়াত চলি থকা বিশ্ব উশ্বু চেম্পিয়নশ্বিপত পদকৰ দাবীদাৰ অসমৰ চানমা ব্ৰহ্ম

September 27, 2018 10:55 am · এন ই নাও নিউজ
চানমা ব্রহ্ম

ক্ৰীড়া ক্ষেত্ৰত এজনৰ পাছত আন এজন খেলুৱৈৰ সফলতাই ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলাই তুলিবলৈ সক্ষম হৈছে অসমৰ নাম। ঠিক সেইদৰে বুলগেৰিয়াত অনুষ্ঠিত হ’বলগীয়া বিশ্ব উশ্বু চেম্পিয়নশ্বিপত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত হৈছে অসমৰ চানমা ব্ৰহ্ম ।

২৫ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ বুলগেৰিয়াৰ বুৰগাছত অনুষ্ঠিত হৈ থকা ৩য় বিশ্ব টাইজিকোৱান উশ্বু চেম্পিয়নশ্বিপত অংশ লোৱাৰ উদ্দেশ্য ইতিমধ্যে বুলগেৰিয়াত উপস্থিত হৈছে উশ্বু এছ’চিয়েশ্যন অব অসমক প্ৰতিনিধিত্ব কৰা কোকৰাঝাৰৰ খেলুৱৈ চানমা ব্ৰহ্ম।

উল্লেখযোগ্য যে ২০১৭-১৮ বৰ্ষৰ অল ইণ্ডিয়া ইণ্টাৰ য়ুনিভাৰ্ছিটি উশ্বু টাইজি গ্ৰুপত স্বৰ্ণ জয়েৰে সুখ্যাতি অৰ্জন কৰিছিল চানমা ব্ৰহ্মই।

বিশ্ব এথলেটিকছ আৰু এছিয়ান গেইমছ অভূতপূৰ্ব সফলতা লাভ কৰা ট্ৰেক ৰাণী হিমা, আই এছ এফ বিশ্ব শ্বুটিং চেম্পিয়নশ্বিপত জুনিয়ৰ শাখাৰ ব্যক্তিগত ১০ মিটাৰ এয়াৰ ৰাইফল শাখাত সোণৰ পদক অৰ্জন কৰা হৃদয় হাজৰিকাৰ পাছত এইবাৰ যাতে ছানমাই অসমলৈ সুনাম কঢ়িয়াই আনিব পাৰে তাৰ বাবে খেলুৱৈগৰাকীক অভিনন্দন জনাইছে অসম উশ্বু সন্থাৰ সভাপতি মুৰুলীধৰ তৌধুৰী আৰু সম্পাদক ৰঞ্জিৎ বড়োৱে।

Related News