দৰিদ্ৰতাৰে যুঁজি যুঁজি নতুন দিল্লীত মৃত্যু সাহিত্য অকাডেমী বঁটা প্ৰাপক কবি সনন্ত তাঁতীৰ

ধনৰ অভাৱত চিকিৎসালয়তে পৰি ৰৈছে মৃতদেহ

অসমৰ সাহিত্য জগতৰ বাবে এক দুখবৰ। সাহিত্য অকাডেমী বঁটা প্ৰাপক বিশিষ্ট কবি সনন্ত তাঁতী আৰু নাই।

 নতুন দিল্লীৰ ইন্দ্ৰপস্থ এপল’ চিকিৎসালয়ত পুৱতি নিশা মৃত্যু ঘটিছে সনন্ত তাঁতীৰ।

দীৰ্ঘদিনে জটিল ৰোগত আক্ৰান্ত হৈ থকা সনন্ত তাঁতীক নতুন দিল্লীৰ ইন্দ্ৰপস্থ এপল’ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও অৱশেষত তেওঁ নিয়তিৰ ওচৰত হাৰ মানে।

মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬৯ বছৰ।

২০১৮ চনত ‘কাইলৈৰ দিনটো আমাৰ হ’ব’ শীৰ্ষক গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰা সনন্ত তাঁতীৰ জন্ম হৈছিল ১১৯৫২ চনৰ ৪ নৱেম্বৰত কৰিমগঞ্জৰ কালীনগৰ চাহ বাগিচাত। তেওঁৰ পিতৃৰ নাম লোকনাথ তাঁতী আৰু মাতৃ বৈতৰণী তাঁতী।

তীব্ৰ অৰ্থনৈতিক সংকটত ভোগা সনন্ত তাঁতীৰ চিকিৎসাৰ খৰচ বহন কৰিবলৈ একপ্ৰকাৰ অসমৰ্থ হৈ পৰিছিল কবি গৰাকীৰ পৰিয়াল।

চিকিসালয়ত আদায় দিবলৈ থকা ধন আদায় দিব নোৱাৰাৰ বাবেই  সনন্ত তাঁতীৰ মৃতদেহ সেয়ে এতিয়াও নতুন দিল্লীৰ ইন্দ্ৰপস্থ এপল’ চিকিৎসালয়তে পৰি ৰৈছে। অসম চৰকাৰৰ তৰফৰ পৰা কবিগৰাকীৰ পৰিয়ালৰ সৈতে কোনো ধৰণৰ যোগাযোগ এতিয়ালৈকে কৰা হোৱা নাই।

সেয়ে স্বামীৰ মৃতদেহৰ কাষতে কান্দি কাটি ৰৈ আছে পত্নী। ধনৰ অভাৱতে কবিগৰাকীৰ মৃতদেহ নতুন দিল্লীৰ ইন্দ্ৰপস্থ এপল’ চিকিৎসালয়ৰ পৰা অসমলৈ আনিব পৰা হোৱা নাই।

কবি সন‍ন্ত তাঁতিৰ উল্লেখযোগ্য গ্ৰন্থসমূহ হ’ল —উজ্জ্বল নক্ষত্ৰৰ সন্ধানত (১৯৮১),মই মানুহৰ অমল উৎসৱ ( ১৯৮৫),নিজৰ বিৰুদ্ধে শেষ প্ৰস্তাৱ ( ১৯৯০),শব্দত অথবা শব্দহীনতাত ( ১৯৯৩),মৃত্যুৰ আগৰ ষ্টপেজত ( ১৯৯৬),টোপনিতো কেতিয়াবা বাৰিষা আহে (১৯৯৭),ধোঁৱা ছাইৰ সপোন (১৯৯৯),দীৰ্ণ বসন্তৰ সৌৰভ (২০০২),আপুনি আপোনাৰ স’তে যুদ্ধ কৰিব পাৰিবনে ( ২০০৪),মই (২০০৮),মোৰ নিৰাভৰণ আত্মাৰ শোকাৱহ শব্দবোৰ ( ২০১০),কাইলৈৰ দিনটো আমাৰ হ’ব (২০১৩),মোৰ প্ৰিয় সপোনৰ ওচৰে-পাঁজৰে ( ২০১৭),’Selected Poems Sananta Tanty’ (২০১৭) আদি।

২০১৭ চনত তাঁতীয়ে মেগৰ শৈক্ষিক ন্যাসে আগবঢ়োৱা অসম উপত্যকা সাহিত্য বঁটাও লাভ কৰিছিল।

কবি সনন্ত তাঁতীৰ মৃত্যুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

ধনৰ অভাৱত চিকিৎসালয়তে পৰি থকা কবিগৰাকীৰ মৃতদেহ অসমলৈ অনাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদক্ষেপ গ্ৰহণ কৰিব বুলি সাহিত্যানুৰাগীসকলে আশা প্ৰকাশ কৰিছে।

কবি সনন্ত তাঁতীয়ে বিভিন্ন সময়ত লাভ কৰা বঁটা-পুৰস্কাৰসমূহ—

১৯৯২ চনত মৃণালিনী দেৱী গোস্বামী সোঁৱৰণী বঁটা,২০০২ চনত বীৰ বীৰসা মুণ্ডা পুৰস্কাৰ,২০১১ ওচমান আলী সদাগৰ সমন্বয় বঁটা,২০১৪ ক্ৰান্তিকাল সাহিত্য সন্মান,২০১৫ চনত অসম সাহিত্য সভাই আগবঢ়োৱা নিজৰা কবি শৈলধৰ ৰাজখোৱা বঁটা,২০১৬ চনত শিৰীষ-অইল সাহিত্য বঁটা,২০১৬ চনত পণ্ডিত পদ্মনাথ বিদ্যাবিনোদ স্মৃতি সাহিত্য পুৰস্কাৰ,অসম উপত্যকা সাহিত্য বঁটা,২০১৮ চনত ‘কাইলৈৰ দিনটো আমাৰ হ’ব’ কাব্য সংকলনৰ বাবে সাহিত্য অকাডেমি বঁটা, ২০২০ চনত মেঘৰাজ কৰ্মকাৰ সাহিত্য বঁটা আদি।