গোলাঘাটৰ বৰফলং চাহ বাগিচা আৰু সৰুপথাৰৰ ধৰ্মপুৰ গাঁৱক কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা

connnnnn

প্ৰতিনিধিত্বমূলক ছবি

 ক’ভিড -১৯ ৰ দ্ৰুত সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে গোলাঘাট জিলাত আজি দুটা কন্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে । জিলাখনৰ খুমটাই ৰাজহ চক্ৰৰ অধীনৰ বৰফলং চাহ বাগিচা এলেকাক কন্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে ।

কন্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা চাহ বাগিচাখনৰ তলদাঙা লাইন আৰু মাজ লাইন এলেকাক ইয়াৰ অধীনত সামৰি লোৱা হৈছে ।

তলদাঙা লাইনৰ উত্তৰে বৰফলং এল পি স্কুল আৰু দুৰ্গা মন্দিৰ, দক্ষিণে মেলামৰা গাঁও, পূবে ফুটবল ফিল্ড আৰু পশ্চিমে চাহ বাগিচা অঞ্চলক এই কন্টেইনমেণ্ট জ’নৰ সীমা হিচাপে নিৰ্ধাৰণ কৰা হৈছে ।

আনহাতে মাজ লাইনৰ উত্তৰে পুৰণা লাইন আৰু কালী থান, দক্ষিণে শিৱ মন্দিৰ, পূবে গড়কাপ্তানী পথ আৰু পশ্চিমে চাহ বাগিচা এলেকা ইয়াৰ সীমা হ’ব ।

সমগ্ৰ অঞ্চলটোত অকৰ্তৃত্বশীলভাৱে কোনো লোকৰ প্ৰৱেশ-প্ৰস্থান আৰু আহ-যাহত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । আনহাতে জিলাখনৰ ধনশিৰি মহকুমাৰ অধীনৰ পূব সৰুপথাৰ গাঁও পঞ্চায়তৰ ধৰ্মপুৰ গাঁৱকো কন্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে ।

উত্তৰে ধাননী পথাৰ, দক্ষিণে ধৰ্মপুৰ গ্ৰাম্য পথৰ শেষলৈকে, পূবে ধৰ্মপুৰ -নাচনপাৰা পথ আৰু পশ্চিমে ধৰ্মপুৰ গাঁও তিনিআলিক কন্টেইনমেণ্ট জ’নৰ সীমা হিচাপে নিৰ্ধাৰণ কৰা হৈছে ।

অঞ্চলটোত অকৰ্তৃত্বশীলভাৱে কোনো লোকৰ প্ৰৱেশ-প্ৰস্থান আৰু আহ-যাহত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । উল্লেখযোগ্য যে ইয়াকে লৈ জিলাখনত কন্টেইনমেণ্ট জ’নৰ সংখ্যা ৫টালৈ বৃদ্ধি পাইছে ।

ইয়াৰ পূৰ্বে দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ, বোকাখাতৰ বৰচাপৰি বাগিচা গাঁও আৰু খুমটাইৰ শাওতলী চাহ বাগিচা এলেকাক কন্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছিল ।