NORTHEAST NOW (Assamese)

কংগ্ৰেছক এগৰাকী নতুন সভাপতিৰ প্ৰয়োজন হৈছে : শশী থাৰুৰ

August 9, 2020 10:55 pm · এন ই নাও নিউজ
শশী থাৰুৰ

কংগ্ৰেছ দলক এগৰাকী নতুন সম্পুৰ্ণ সভাপতিৰ প্ৰয়োজন হৈছে বুলি মন্তব্য কৰিছে কংগ্ৰেছৰ জেষ্ঠ সাংসদ শশী থাৰুৰে।

দিকভ্ৰষ্ট হোৱাৰ পৰা জনসাধাৰণৰ বিশ্বাস আহৰণৰ বাবে কংগ্ৰেছ দলক এগৰাকী নতুন সম্পুৰ্ণ সভাপতিৰ প্ৰয়োজন বুলি থাৰুৰে কয়।

”মই ছোনিয়া গান্ধীক কংগ্ৰেছ দলৰ ভাৰপ্ৰাপ্ত সভাপতি হিচাপে নিৰ্বাচিত কৰাক সমৰ্থন কৰিছো কিন্তু দীৰ্ঘসময় ধৰি তেখেতক এনে গধুৰ দায়িত্ব দিয়াটো অনুচিত,” এটা সাক্ষাৎকাৰত শশী থাৰুৰে লগতে কয়।

উল্লেখযোগ্য যে, বিগত লোকসভা নিৰ্বাচনত পৰাজয়ৰ পাছৰে পৰা কংগ্ৰেছ দলৰ বিভিন্ন নেতা-কৰ্মীৰ মাজত বিসম্বাদে দেখা দিছে।

মধ্যপ্ৰদেশৰ উদীয়মান জনপ্ৰিয় কংগ্ৰেছী নেতা জ্যোতিৰাদিত্য সিন্ধিয়াই কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ পাছত ৰাজস্থানৰ আন এগৰাকী আগশাৰীৰৰ যুৱ কংগ্ৰেছী নেতা শচীন পাইলটেও কংগ্ৰেছ দল ত্যাগ কৰিছে।

শচীন পাইলটে কংগ্ৰেছ দল ত্যাগ কৰাৰ সময়তো শশী থাৰুৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল।

Related News