লখিমপুৰত প্ৰথমবাৰ আয়োজন কৰা হৈছে সাতৰঞ্জন পক্ষী মহোৎসৱ : কিন্তু কেতিয়াৰ পৰা এই মহোৎসৱ?

2(1)

এক অভিনৱ কাৰ্যসূচীৰ বাবে সাজু হৈ উঠিছে লখিমপুৰ জিলা প্ৰশাসন।

লখিমপুৰত প্ৰথমবাৰৰ বাবে পক্ষী মহোৎসৱ উদযাপন কৰিবলৈ সাজু হৈ উঠিছে লখিমপুৰ জিলা প্ৰশাসন।

লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত লখিমপুৰ বন বিভাগ, গ্ৰীণ হেৰিটেজ, সেউজী লখিমপুৰ আমাৰ সপোন, আছাম ৱাইল্ড লাইফ ৰেছকিউ এণ্ড ৰিচাৰ্ছ অৰ্গেনাইজেশ্যন আদি বেচৰকাৰী সংস্থা সহযোগত অহা ১০ জানুৱাৰীৰ পৰা জিলাখনৰ পহুমৰাৰ ৰঙানদীৰ পাৰত আয়োজন কৰা হৈছে এই সাতৰঞ্জন পক্ষী মহোৎসৱ।

স্থানীয় বাসিন্দা, শিক্ষাৰ্থী আৰু যুৱ প্ৰজন্মৰ মাজত পক্ষী সংৰক্ষণ আৰু জলাহভূমি সংৰক্ষণ আদিৰ লগতে প্ৰকৃতি সংৰক্ষণৰ সজাগতা বৃদ্ধিৰ বাবেই এই পক্ষী মহোৎসৱৰ আয়োজন কৰা হৈছে বুলি প্ৰকাশ কৰিছে আয়োজক লখিমপুৰ জিলা প্ৰশাসনে।

সাতৰঞ্জন জলাহভূমিত আয়োজিত এই মহোৎসৱত পক্ষী নিৰক্ষীণৰ লগতে বিভিন্ন প্ৰতিযোগিতা, চাইকেল ৰেলী, ফ’টোগ্ৰাফী প্ৰদৰ্শন আৰু পক্ষী আৰু জলাহভূমি সংৰক্ষণৰ ওপৰত মুকলি আলোচনা আদিৰো আয়োজন কৰা হৈছে।

বিশিষ্ট প্ৰকৃতিবিদ তথা লখিমপুৰৰ প্ৰাক্তন উপায়ুক্ত ডঃ আনোৱাৰুদ্দিন চৌধুৰীয়ে কয় যে ৰঙানদীৰ পাৰৰ সাতৰঞ্জন জলাহ ভূমিত আয়োজিত এই পক্ষী মহোৎসৱৰ দ্বাৰা পক্ষী নিৰীক্ষক, গৱেষক, পৰ্যটকৰ লগতে বিশেষজ্ঞসকল বিশেষভাৱে উপকৃত হ’ব।

উল্লেখ্য যে ৰঙানদী পাৰৰ সাতৰঞ্জন জলাহভূমিলৈ প্ৰতি বছৰে হাজাৰ হাজাৰ পৰিভ্ৰমী পক্ষীৰ আগমণ ঘটে।